অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত উমা ছেত্ৰীৰ স্থান লাভ

আঘাতপ্ৰাপ্ত য়স্তিকা ভাটিয়াৰ স্থানত অসমৰ উমা ছেত্ৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত স্থান লাভ কৰিছে। BCCIৰ মেডিকেল টীমে নিশ্চিত কৰিছে যে, য়স্তিকা ভাটিয়া আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ পৰা বাদ পৰিছে।

ৰোগৰ বিষয়ত সুক্ষ্ম পৰ্যবেক্ষণ চলি থকা অৱস্থাত, অল ইণ্ডিয়া অ’মেনছ ছিলেকচন কমিটীয়ে য়স্তিকা ভাটিয়াৰ স্থলাভিষিক্তৰূপে উমা ছেত্ৰীৰ নাম নিৰ্বাচিত কৰিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলৰ খেলুৱৈসকল হৈছে:

  • হৰমনপ্ৰীত কৌৰ (অধিনায়ক)
  • স্মৃতি মান্ধানা (সহঃ অধিনায়ক)
  • প্ৰিয়া পুনিয়া
  • জেমিমা ৰড্ৰিগেজ
  • হাৰলিন দেউল
  • ৰিচা ঘোষ (উইকেটকীপাৰ)
  • তেজল হাছাবনিছ
  • দীপ্তি শৰ্মা
  • মিনু মণি
  • প্ৰিয়া মিশ্ৰ
  • ৰাধা যাদৱ
  • তিতাছ সাধু
  • অৰুন্ধতি ৰেড্ডী
  • ৰেণুকা সিং ঠাকুৰ
  • ছাইমা ঠাকুৰ
  • উমা ছেত্ৰী (উইকেটকীপাৰ)

ভাৰতীয় মহিলা দলৰ প্ৰথম দুখন মেচ ৫ আৰু ৮ ডিচেম্বৰ তাৰিখে ব্ৰিছবেনৰ এলেন বৰ্ডাৰ ফিল্ডত অনুষ্ঠিত হ’ব। তৃতীয় আৰু ফাইনেল মেচ ১১ ডিচেম্বৰত পাৰ্থৰ ৱাকা খেলপথাৰত অনুষ্ঠিত হ’ব। এই শৃংখলা ICC মহিলা চেম্পিয়নশ্বীপৰ অংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...