অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত উমা ছেত্ৰীৰ স্থান লাভ

আঘাতপ্ৰাপ্ত য়স্তিকা ভাটিয়াৰ স্থানত অসমৰ উমা ছেত্ৰী অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত স্থান লাভ কৰিছে। BCCIৰ মেডিকেল টীমে নিশ্চিত কৰিছে যে, য়স্তিকা ভাটিয়া আঘাতৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ’বলগীয়া তিনিখন মেচৰ পৰা বাদ পৰিছে।

ৰোগৰ বিষয়ত সুক্ষ্ম পৰ্যবেক্ষণ চলি থকা অৱস্থাত, অল ইণ্ডিয়া অ’মেনছ ছিলেকচন কমিটীয়ে য়স্তিকা ভাটিয়াৰ স্থলাভিষিক্তৰূপে উমা ছেত্ৰীৰ নাম নিৰ্বাচিত কৰিছে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় মহিলা দলৰ খেলুৱৈসকল হৈছে:

  • হৰমনপ্ৰীত কৌৰ (অধিনায়ক)
  • স্মৃতি মান্ধানা (সহঃ অধিনায়ক)
  • প্ৰিয়া পুনিয়া
  • জেমিমা ৰড্ৰিগেজ
  • হাৰলিন দেউল
  • ৰিচা ঘোষ (উইকেটকীপাৰ)
  • তেজল হাছাবনিছ
  • দীপ্তি শৰ্মা
  • মিনু মণি
  • প্ৰিয়া মিশ্ৰ
  • ৰাধা যাদৱ
  • তিতাছ সাধু
  • অৰুন্ধতি ৰেড্ডী
  • ৰেণুকা সিং ঠাকুৰ
  • ছাইমা ঠাকুৰ
  • উমা ছেত্ৰী (উইকেটকীপাৰ)

ভাৰতীয় মহিলা দলৰ প্ৰথম দুখন মেচ ৫ আৰু ৮ ডিচেম্বৰ তাৰিখে ব্ৰিছবেনৰ এলেন বৰ্ডাৰ ফিল্ডত অনুষ্ঠিত হ’ব। তৃতীয় আৰু ফাইনেল মেচ ১১ ডিচেম্বৰত পাৰ্থৰ ৱাকা খেলপথাৰত অনুষ্ঠিত হ’ব। এই শৃংখলা ICC মহিলা চেম্পিয়নশ্বীপৰ অংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ ৰাজকীয় অৱতৰণ

১৯সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL-২০২৬)ৰ প্ৰথম তিনিখন ঘৰুৱা মেচ...

গুৱাহাটীৰ IPL মেচৰ টিকট ক’ত পাব?

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ...

অসমত গ্ৰেপ্তাৰ পাকিস্তানী চোৰাংচোৱা

পুনৰ দেশতেই ওলাইছে ঘৰ বিভীষণ। এইবাৰ ভাৰতীয় তথ্য পাকিস্তানক...

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ

উৰণ সেতুত ৰীল বনাবলৈ গৈ তলত পৰিলগৈ কিশোৰ। ঈদৰ...