উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়, অসমবাসীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

উপ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়। ফলাফল ঘোষণাৰ পিছতেই অসমবাসীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক ফেচবুক পোষ্টযোগে অসমবাসীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে লিখিছে, ‘ নতশিৰে প্ৰণাম আৰু আন্তৰিক ধন্যবাদ অসম 🙏
অসম বিধান সভাৰ উপ-নিৰ্বাচনত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাই ৫খনৰ ভিতৰত ৫খনতে বিজয় সাব্যস্ত কৰা কথাটিয়ে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসন আৰু উন্নয়নৰ নীতিৰ বাস্তৱিক আৰু সাৰ্থক ৰূপটোকে প্ৰতিফলিত কৰিছে।
বিশেষকৈ প্ৰায় ৬৫% সংখ্যালঘু ভোটাৰ থকা চামগুৰি সমষ্টিৰ ফলাফলৰ সন্দৰ্ভত আলোকপাত কৰি ক’ব বিচাৰিছোঁ, যিখন আসন ২৫ বছৰ ধৰি কংগ্ৰেছে দখল কৰি আছিল সেই কংগ্ৰেছৰাজৰ অৱসান ঘটাই আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আজি জয়লাভ কৰিলে। ইয়াৰ দ্বাৰা আমাৰ কল্যাণকামী মনোভাবাপন্ন কাৰ্যপ্ৰণালীৰ প্ৰতি সন্মানীয় জনসাধাৰণৰ সমৰ্থন আৰু বিৰোধীৰ বিভাজনকাৰী ৰাজনীতিক তেখেতসকলে প্ৰত্যাখ্যান কৰা পৰিলক্ষিত হ’ল৷
আপোনালোকৰ অকুণ্ঠ সঁহাৰি তথা সহায়-সহযোগিতাৰ বাবে আমি আপোনালোকক অলেখ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু মই আশ্বাস দিছোঁ যে আমি এখন বিকশিত অসম গঢ়ি তুলিবলৈ আগন্তুক সময়ত একেলগে কাম কৰি যাম।
এই সুন্দৰ ক্ষণত আমাৰ সকলো কঠোৰ পৰিশ্ৰমী সন্মানীয় কাৰ্যকৰ্তালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। তেখেতসকলে আমাৰ প্ৰতিটো উন্নয়নী ধাৰণা, আমাৰ লক্ষ্য-আঁচনিক প্ৰতিটো বুথলৈ, সৰ্বসাধাৰণ জনতাৰ ওচৰলৈ লৈ যোৱাত অনন্য ভূমিকা গ্ৰহণ কৰিলে৷ এই যাত্ৰা ধাৰাবাহিকভাৱে অক্ষুণ্ণ থাকিব৷
পুনৰবাৰ আটাইলৈ মোৰ শত-সহস্ৰ প্ৰণাম৷’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...