পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ

পুনৰ এক ৰে’ল দুৰ্ঘটনাই জোকাৰি গৈছে দেশ। চেন্নাইত যাত্ৰীবাহী ৰে’ল আৰু মালবাহী ৰে’লৰ মাজত সংঘৰ্ষ। মহীশূৰ-দাৰভাংগা এক্সপ্ৰেছৰ খুন্দা এখন মালবাহী ৰে’লত। চেন্নাইৰ কাৱাৰাপেট্টাই নামৰ অঞ্চলটোত সংঘটিত হয় এই দুৰ্ঘটনা। দুয়োখন ৰে’লৰ ১৩টাকৈ দবা লাইনচ্যুত। ঘণ্টাত প্ৰায় ৭৫ কিঃমিঃ গতিবেগত আহি খুন্দা মাৰে যাত্ৰীবাহী ৰে’লখনে। শুকুৰবাৰে নিশা ৮.৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাত ১৯ গৰাকী যাত্ৰী আহত। দুৰ্ঘটনাটোক লৈ চলি আছে তদন্ত আৰু উদ্ধাৰ অভিযান। বৰষুণৰ বাবে ব্যাহত হৈছে উদ্ধাৰ অভিযান।দুৰ্ঘটনাটোৰ ফলত ব্যাহত হৈছে আন ৰে’লৰ চলাচল। কমেও ১৬ ঘণ্টা লাগিব ৰে’ল লাইনটো মুকলি কৰিবলৈ।

Popular

More like this
Related

মুখ্যমন্ত্রীয়ে শুভ উদ্বোধন কৰিলে পল্টন বজাৰৰ পদ সেতু

পুনৰ নিৰ্মাণ তথা আধুনিকীকৰণ কৰা ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ সমাধিক্ষেত্র...

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্তবিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা

ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সমূহ...

অন্ধ্ৰপ্ৰদেশত তৈল খেজুৰৰ কৃষি পদ্ধতি অধ্যয়ন কৰিবলৈ কৃষক সমন্বিতে লখিমপুৰ জিলা কৃষি বিভাগৰ দল

অসম চৰকাৰৰ কৃষি বিভাগৰ দ্বাৰা আয়োজন কৰা ক্ষেত্ৰ অধ্যয়ন(Exposure...