টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা

টাটা গ্ৰুপৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা। ৰতন টাটাৰ সতীয়া ভাতৃ নোৱেল টাটা। টাটাৰ বহুকেইটা কোম্পানীত ইতিমধ্যে কাৰ্যনিৰ্বাহ কৰিছে নোৱেল টাটাই। বৰ্তমান নোৱেল টাটা আয়াৰলেণ্ডৰ নাগৰিক। টাটা গ্ৰুপত ১০০টাৰো অধিক কোম্পানী আছে। ১৯৫৭ চনত জন্ম নোৱেল টাটাৰ। ব্ৰিটেইনৰ ছাছছেক্স বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী আইৰিছ নাগৰিক নোৱেল টাটাই বিয়া কৰাইছে টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত ছাইৰাছ মিস্ত্ৰীৰ ভগ্নী আলো মিস্ত্ৰীক। ৰতন টাটা জীৱিত অৱস্থাত টাটা গ্ৰুপৰ কেইবাটাও প্ৰতিষ্ঠানৰ উপাধক্ষ্য আছিল নোৱেল টাটা। নোৱেল টাটাৰ কাৰ্যকালত টাটাই ইণ্টাৰনেচনেল লিমিটেডে বহু সফলতা লাভ কৰিছে। সেয়ে ৰতন টাটাৰ উত্তৰসুৰী হিচাপে নিৰ্বাচন কৰা হৈছে নোৱেল টাটাক। ১৫০ বছৰৰো অধিক কালত দেশ আৰু বিদেশত টাটা গ্ৰুপে বিভিন্ন কোম্পানী স্থাপন কৰিছে। ১৮৬৮ চনত মুম্বাইত টাটা পৰিয়ালে আৰম্ভ কৰিছিল ব্যৱসায়। বিভিন্ন সময়ত টাটাৰ প্ৰতিষ্ঠান লোকচানৰ সন্মুখীন হৈছিল যদিও ৰতন টাটাই টাটা গ্ৰুপৰ কোম্পানীৰ সংখ্যা শতকৰো অধিক কৰিলে আৰু লাভজনক ব্যৱসায়ত পৰিণত কৰিলে। কেৱল সফল উদ্যোগপতি হিচাপে নহয় দেশৰ অন্যতম শ্ৰেষ্ঠ সমাজসেৱক হিচাপে পৰিচিত হ’ল ৰতন টাটা। উদ্যোগপতি হিচাপে নহয়, ৰতন টাটাই টাটা গ্ৰুপক জনতাৰ কল্যাণকামী সংস্থা হিচাপে যিদৰে প্ৰতিষ্ঠা কৰিলে তাক উত্তৰসুৰীয়ে কিদৰে আগুৱাই নিব পাৰে সেয়াহে হ’ব ডাঙৰ প্ৰত্যাহ্বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...