হিমাচলত জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন, অসমৰ প্ৰথমটো দল ৰাওনা

অহা ছয় অক্টোবৰৰ পৰা হিমাচল প্ৰদেশত অনুষ্ঠিত হ’বলগা আই ডব্লিউ এল এফ যুৱ, জুনিয়ৰ আৰু ছিনিয়ৰ ৰাষ্ট্ৰীয় ভাৰোত্তোলন চেম্পিয়নশ্বিপৰ বাবে অসমৰ ল’ৰা-ছোৱালী তথা পুৰুষ-মহিলাৰ দলটো ঘোষণা কৰা হৈছে৷ অসম ভাৰোত্তোলন সন্থাৰ সম্পাদক ভৱজ্যোতি গোস্বামীয়ে জনোৱা অনুসৰি নিৰ্বাচিত খেলুৱৈসকল হ’ল-

ছোৱালী-মহিলা ঃ ৪০ কেজিত মৃদুস্মিতা চিত্ৰকৰ, ৪৫ কেজিত মনিকা সোণোৱাল-ৰেখামনি গগৈ, ৪৯ কেজিত চয়নিকা গগৈ-পঞ্চমী সোণোৱাল-কৃষ্টি কুকি শইকিয়া-বৰ্ণালী বৰা, ৫৫ কেজিত ইছাংফা গগৈ-মাৰ্টিনা মিলি, ৫৯ কেজিত ভাবনা গগৈ-শতাব্দী ভূঞা, ৬৪ কেজিত ত্ৰিলুচানা ফুকন-ৰিজুমনি খাটোৱাল-দিতিমনি সোণোৱাল, ৭১ কেজিত নানচেংফা বৰগোহাঁই-ডুনখম চেং তুৰুং, ৭৬ কেজিত তৃষ্ণা গগৈ-সংগীতা সাদানিধৰ, ৮১ কেজিত জাবিন চুলতানা, ৮১ কেজি উৰ্ধত বৃন্দাৱনী পাচনী আৰু ৮৭ কেজিত মধুস্মিতা বৰুৱা৷

ইফালে, ল’ৰা-পুৰুষ শাখাত খেলিব লগা খেলুৱৈসকল হ’ল ঃ ৪৯ কেজিত মানস প্ৰতীম দুৱাৰা-অংকুৰজ্যোতি বৰা, ৫৫ কেজিত ধৰ্মজ্যোতি দেওঘৰিয়া-বিষ্ণু সোণোৱাল, ৬১ কেজিত ঘনশ্যাম গগৈ-ৰিকি গগৈ, ৬৭ কেজিত অভিনব গগৈ-সিদ্ধান্ত গগৈ-মনোৰঞ্জন ঢেকিয়াল, ৭৩ কেজিত বেদব্ৰত ভৰালী-হেমন্ত দৈমাৰী-প্ৰবাল প্ৰতীম গগৈ, ৮১ কিজিত ঋষভ শইকীয়া-ত্ৰিদিপ বৰুৱা, ৮৯ কেজিত গোলাপ গগৈ-সুদিত্য বৰুৱা, ৯৬ কেজিত কনিস্কা বৰা-দিয়ান কাশ্যপ, ১০২ কিজিত কপিল সোণোৱাল আৰু চানক্য বৰা৷ দলৰ প্ৰশিক্ষক দুলাজিৎ বৰুৱা আৰু উপলক্ষ্য ৰাভা৷ আনহাতে, মেনেজাৰ বশিষ্টমনি দেওৰী৷

উল্লেখ্য যে প্ৰতিযোগিতাখন অহা ১৩ অক্টোবৰত সামৰণি পৰিব৷ আজি অসমৰ প্ৰথমটো দল গুৱাহাটীৰ পৰা ৰাওনা হৈছে৷ তিনিটা পৰ্যায়ত অসমৰ খেলুৱৈসকল হিমাচললৈ ৰাওনা হ’ব৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...