পুনৰ বিদেশ ভ্ৰমণলৈ বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

চৰকাৰী ভ্ৰমণসূচীৰে মেক্সিকো, গ্ৰেণাডা, বাৰ্বাড’ছ, এণ্টিগুৱা আৰু বাৰ্বুডালৈ বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ৮ অক্টোবৰলৈ চৰকাৰী ভ্ৰমণসূচী লৈ চাৰিখন ৰাষ্ট্ৰ ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে অহা ১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া মেক্সিকোৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি ডঃ ক্লাউডিয়া শ্বেনবাউমৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি উপস্থিত থাকিব। তদুপৰি এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে গ্ৰেণাডা, বাৰ্বাড’ছ আৰু এণ্টিগুৱা আৰু বাৰ্বুডাত কেইবাখনো দ্বিপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দ্বিতীয়গৰাকী বিদেশ মন্ত্ৰী হিচাপে পবিত্ৰ মাৰ্ঘেৰিটাই গ্ৰেণাডা ভ্ৰমণ কৰিব। এই ভ্ৰমণসূচীত মন্ত্ৰীগৰাকীয়ে আমেৰিকাৰ চিকাগো চহৰতো এনিশা কটাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...