দুটা হোষ্টেলত দুটা ছাত্ৰ সংগঠনৰ সমৰ্থকৰ প্ৰচণ্ড মাৰপিট

গুৱাহাটী বিশ্ববিদ্যালয়ত শান্তিপূৰ্ণভাৱে হৈ গ’ল নিৰ্বাচন
কিন্তু নিশা নিৰ্বাচনোত্তৰ হিংসাই কঁপাই গ’ল বিশ্ববিদ্যালয়
দুটা হোষ্টেলত দুটা ছাত্ৰ সংগঠনৰ সমৰ্থকৰ প্ৰচণ্ড মাৰপিট
মাৰপিটত আহত হ’ল ৯জন ছাত্ৰ, এজনৰ অৱস্থা গুৰুতৰ

বৃহস্পতিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচন। PGSUৰ নিৰ্বাচনক লৈ উখল মাখল হৈ পৰিছিল কৃষ্ণচূড়াৰ দেশ। শুকুৰবাৰে অনুষ্ঠিত হৈছিল নিৰ্বাচনৰ ভোটগণনা। জয়ী হোৱা প্ৰাৰ্থীৰ পাৰ ভঙা উচাহ, আনন্দই খলকনি তুলিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত। কিন্তু সন্ধিয়ালৈ সেই আনন্দ উৎসৱ ম্লান পৰিল প্ৰাৰ্থীৰ সমৰ্থক ছাত্ৰৰ মাজত হোৱা সংঘৰ্ষত।

নিশাৰ ভাগত ২ ছাত্ৰাৱাসৰ আবাসীৰ মাজত প্ৰচণ্ড মাৰপিট
RCC-1 আৰু RCC-2 বয়জ হোষ্টেলৰ আবাসীৰ মাজত মাৰপিট
নিৰ্বাচনত সমৰ্থন দিয়াক লৈ আছু আৰু অসম ছাত্ৰ পৰিষদৰ মাজত সংঘাত
সুৰাৰ বটল, শিলগুটি, লাঠীৰে দুই হোষ্টেলৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ
আহত দুয়োটা হোষ্টেলৰ ৯ গৰাকী শিক্ষার্থীক GMCHত ভৰ্তি

কাজিয়াখনৰ জৰিয়তে স্পষ্ট হৈ পৰিল নিৰ্বাচনক লৈ আছু আৰু অগপৰ ছাত্ৰ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থকৰ সংঘাত। জানিব পৰা মতে, RCC-1 হোষ্টেল আছুৰ দুৰ্গৰূপে চিহ্নিত। আনহাতে RCC-2 হোষ্টেলে অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীক দিছিল সমৰ্থন। RCC1 হোষ্টেলৰ আবাসীৰ প্ৰতিক্ৰিয়া অনুসৰি – নিশাৰ ভাগত হোষ্টেলখনৰ আৱাসীয়ে শুনা পাইছিল হুলস্থূল । চাবলৈ যাওতে RCC2 হোষ্টেলৰ একাংশ আবাসীয়ে প্ৰথমে আৰম্ভ কৰে গালি–গালাজ, নিক্ষেপ কৰে শিলগুটি, মদৰ বটল।

আনহাতে RCC-2 আৱাসীৰ প্ৰতিক্ৰিয়া অনুসৰি- নিশা প্ৰথমে দুয়োখন হোষ্টেলৰ মাজত আৰম্ভ হৈছিল ঠাট্টা-ইতিকিঙেৰে কটাক্ষ। তাৰ পিছত সৃষ্টি হল দুই হোষ্টেলৰ আৱাসীৰ মাজত সৃষ্টি হয় কাজিয়াৰ সূত্ৰপাত। কাজিয়াত সোমাই পৰে জ্যেষ্ঠ-কনিষ্ঠসকল।

নিশা সৃষ্টি হোৱা দুই হোষ্টেলৰ কাজিয়াত
গুৰুতৰভাৱে আহত PGSUৰ প্ৰাক্তন ক্ৰীড়া সম্পাদক বিক্ৰম হাজৰিকা
ক্ষতিসাধন RCC1 হোষ্টেল আবাসীৰ দুচকীয়া বাহন
নিশাই জালুকবাৰী আৰক্ষী চকীত দাখিল এজাহাৰ

উল্লেখ্যযে পূৰ্বেও বিশ্ববিদ্যালয়খনত সংঘটিত হৈছে এনে ঘটনা। এই ঘটনাই লজ্জানত কৰিছে আন হোষ্টেলসমূহৰ আৱাসীৰ লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক। লজ্জানত কৰিছে হোষ্টেলৰ প্ৰাক্তন আৱাসীকো। দোষীৰ ওপৰত কি ব্যৱস্থা লব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সেয়া হ’ব লক্ষণীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...