আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ

ধৰালৈ নামিছে শৰৎ। শৰৎ আগমনৰ লগে লগেই আৰম্ভ হৈছে উৎসৱৰ বতৰ। আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি। মৃৎ শিল্পী সকল দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত। কিয়নো দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। ন ন থীম লৈ সাজু হৈছে পূজা সমিতি সমূহ। নগাঁৱৰ ৰণথলিত পেৰিচৰ আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপৰ দ্বাৰ। দেশৰ তথা ৰাজ্যৰ খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবে নিৰ্মাণ কৰা হৈছে পেৰিচৰ আইফেল টাৱাৰৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃৎশিল্পীৰ হাতত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা। শিল্পীৰ নিপুন হাতৰ পৰশত সৃষ্টিৰ অনন্য এক মাত্ৰা প্ৰদান কৰিছে শিল্পীসকলে। বোকামাটি, খেৰ, কাঠ,বাঁহেৰে মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত তেওঁলোক। শৰৎ ঋতুৱে এইসকল লোকৰ বাবে লৈ আহে আনন্দ । কাৰণ নিজ ঘৰখন, পৰিয়ালটোৰ বাবে উপাৰ্জনৰ সময় এইয়া । মৃন্ময় মূৰ্তিৰ  খনিকৰসকলে নিজ হাতেৰে তৈয়াৰ কৰা প্ৰতিমা সমূহৰ ওচৰত লাখ-লাখ ভক্তই মুৰ দোৱাই সেৱা কৰিব নিজৰ লগতে সমাজৰ উন্নতিৰ বাবে আৰু তাতেই পৰম শান্তি লাভ কৰে এই সকল খনিকৰে।

ইফালে মূল্যবৃদ্ধিয়েও প্ৰতিমা নিৰ্মাণত প্ৰভাৱ পেলোৱা বুলি ব্যক্ত কৰে মৃৎ শিল্পী সকলে। পূৰ্বৰ দৰে এইবাৰ অৰ্ডাৰ লাভ কৰা নাই মৃৎ শিল্পীয়ে। এতিয়া এইদৰে সাজু হৈ উঠিছে দুৰ্গতিনাশীনিক আৰধনা কৰিবৰ বাবে।বজাৰত পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে বৃদ্ধি পাইছে গ্ৰাহকৰ। শৰতৰ এই উৎৱৰ বতৰত শাৰদী ৰাণীক আদৰিবলৈ সাজু সকলো।

Popular

More like this
Related

দিন-দুপৰতেই গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা

ক্ৰমাৎ যেন অসহিষ্ণু হৈ পৰিছে মানুহবোৰ। দিন-দুপৰতেই এইবাৰ গুৱাহাটী...

BCCIৰ চেণ্ট্ৰেল কণ্ট্ৰেক্টত কিয় স্থান নাপালে ৰিয়ান পৰাগে?

BCCI (ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড)ৰ চেণ্ট্ৰেল কণ্ট্ৰেক্ট হৈছে ক্ৰিকেটাৰসকলক...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে দিলে ভাল খবৰ

টকা খৰচ কৰি এতিয়া আৰু আপুনি কিনিব নালাগে মোবাইল।...

১৪ বছৰ বয়সত কিদৰে নিজকে IPLৰ বাবে যোগ্য কৰি তুলিছিল বৈভৱ সূৰ্যবংশীয়ে?

বিহাৰৰ সমষ্টিপুৰৰ ১৪ বছৰীয়া ক্ৰিকেট প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে আই...