আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ

ধৰালৈ নামিছে শৰৎ। শৰৎ আগমনৰ লগে লগেই আৰম্ভ হৈছে উৎসৱৰ বতৰ। আকৌ আহিল শাৰদীয় দুৰ্গোৎসৱ। ৰাজ্যজুৰি আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি। মৃৎ শিল্পী সকল দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত। কিয়নো দুৰ্গা পূজালৈ মাজত মাথো কেইটামান দিন বাকী। ন ন থীম লৈ সাজু হৈছে পূজা সমিতি সমূহ। নগাঁৱৰ ৰণথলিত পেৰিচৰ আইফেল টাৱাৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে মণ্ডপৰ দ্বাৰ। দেশৰ তথা ৰাজ্যৰ খেলুৱৈ সকলক উৎসাহিত কৰিবৰ বাবে নিৰ্মাণ কৰা হৈছে পেৰিচৰ আইফেল টাৱাৰৰ।

ৰাজ্যৰ ভিন্ন প্ৰান্তত মৃৎশিল্পীৰ হাতত প্ৰাণ পাই উঠিছে দূৰ্গা প্ৰতিমা। শিল্পীৰ নিপুন হাতৰ পৰশত সৃষ্টিৰ অনন্য এক মাত্ৰা প্ৰদান কৰিছে শিল্পীসকলে। বোকামাটি, খেৰ, কাঠ,বাঁহেৰে মূৰ্তি তৈয়াৰ কৰাত ব্যস্ত তেওঁলোক। শৰৎ ঋতুৱে এইসকল লোকৰ বাবে লৈ আহে আনন্দ । কাৰণ নিজ ঘৰখন, পৰিয়ালটোৰ বাবে উপাৰ্জনৰ সময় এইয়া । মৃন্ময় মূৰ্তিৰ  খনিকৰসকলে নিজ হাতেৰে তৈয়াৰ কৰা প্ৰতিমা সমূহৰ ওচৰত লাখ-লাখ ভক্তই মুৰ দোৱাই সেৱা কৰিব নিজৰ লগতে সমাজৰ উন্নতিৰ বাবে আৰু তাতেই পৰম শান্তি লাভ কৰে এই সকল খনিকৰে।

ইফালে মূল্যবৃদ্ধিয়েও প্ৰতিমা নিৰ্মাণত প্ৰভাৱ পেলোৱা বুলি ব্যক্ত কৰে মৃৎ শিল্পী সকলে। পূৰ্বৰ দৰে এইবাৰ অৰ্ডাৰ লাভ কৰা নাই মৃৎ শিল্পীয়ে। এতিয়া এইদৰে সাজু হৈ উঠিছে দুৰ্গতিনাশীনিক আৰধনা কৰিবৰ বাবে।বজাৰত পূজাৰ সামগ্ৰী ক্ৰয়ৰ বাবে বৃদ্ধি পাইছে গ্ৰাহকৰ। শৰতৰ এই উৎৱৰ বতৰত শাৰদী ৰাণীক আদৰিবলৈ সাজু সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...