আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং: আজিৰে পৰা জুনিয়ৰ, ছাৱ-জুনিয়ৰ শাখাৰ খেল

গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত চলি থকা আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ দুটা দিনৰ বিৰতিৰ পাছত কাইলৈৰ পৰা পুনৰ খেল আৰম্ভ হ’ব৷

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া [বি এফ আই] ৰ সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত কাইলৈৰ পৰা ল’ৰা আৰু ছোৱালীৰ জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাৰ খেল অনুষ্ঠিত হ’ব৷ পূৱা ন বজাৰ পৰাই তিনিটা ৰিঙত খেল অনুষ্ঠিত হ’ব৷

বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ সচিব প্ৰধান তথা অসম বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতাই জনোৱা অনুসৰি এলিট আৰু যুৱ শাখাৰ দৰে জুনিয়ৰ তথা ছাৱ-জুনিয়ৰ শাখাতো অভিলেখসংখ্যক দেশৰ সকলো প্ৰান্তৰ হাজাৰোধিক ল’ৰা-ছোৱালীয়ে নাম পঞ্জিয়ন কৰিছে৷ অসমৰো প্ৰায় এশ নতুন বক্সাৰে বিভিন্ন ওজন শাখাত অংশ ল’ব৷

উল্লেখ্য যে ইয়াৰপূৰ্বে প্ৰতিযোগিতাত এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ খেল সুকলমে অনুষ্ঠিত হৈ গৈছে৷ অসমে এলিট আৰু যুৱ শাখাৰ পুৰুষ-মহিলাৰ বিভিন্ন ওজন শাখাত মুঠ ১৬ টা পদক লাভ কৰিছে৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...