নিৰাপত্তাহীনতাত এখন খিলঞ্জীয়াৰ গাঁও

ঘটনা খিলঞ্জীয়া বসতিপ্ৰধান ধিঙৰ কলবাৰীৰ। অভিযোগ উঠিছে মুছলমান আগ্ৰাসনৰ। সেয়ে সমবেত হৈছে ৰাইজ। অসমীয়া বসতিপূৰ্ণ গাঁৱখনত ভয় শংকাত দিন কটাইছে ৰাইজে। প্ৰায় ১৮ ঘৰ খিলঞ্জীয়া বসবাস কৰে এই অঞ্চলত। ৰাইজৰ মতে, ৩ বছৰ আগলৈকে নাছিল কোনো সমস্যা। কিন্তু এতিয়া, এতিয়া অঞ্চলটোত ভয় আৰু শংকা। বিগত কেইটামান মাহে ঘটিছে বহুকেইটা ঘটনা। শেহতীয়াকৈ খিলঞ্জীয়া যুৱকক প্ৰাণে মৰাৰো ভাবুকি। আক্ৰমণ কৰিলে চোকা অস্ত্ৰৰে। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত ধিং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ৰাইজে অভিযোগ কৰিছে বিশেষ সম্প্ৰদায়ৰ লোকে মিলি অঞ্চলটোত সৃষ্টি কৰিছে অৰাজক পৰিস্থিতি। গাঁওখনত বিভিন্ন চুৰিকাণ্ডৰো অভিযোগ। এতিয়া এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ আহ্বান গঞাৰ। সমগ্ৰ ঘটনাপঞ্জীয়ে বহুকেইটা বিষয় উত্থাপিত কৰিছে। খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰশ্নও আহি পৰিছে। অৱশ্যে যি মাটিত তিনিটাকৈ পৰিয়াল বহিল সেই স্থানো অৱশ্যে খিলঞ্জীয়ায়েই বিক্ৰী কৰা। লক্ষণীয় হ’ব চৰকাৰ প্ৰশাসনে কি ভূমিকা ল’ব সমগ্ৰ ঘটনাক্ৰমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...