ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে? এইবাৰ ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল। দুই নৰপিশাচৰ কামনাৰ বলি আন এগৰাকী কিশোৰী। আইতাকক নদীৰ ঘাটলৈ আগুৱাই দি ঘৰলৈ উভতি গৈ আছিল এগৰাকী কিশোৰী। লগত আছিল কিশোৰীগৰাকীৰ ভাতৃ। তেনেতে অঘটন। কিশোৰীগৰাকীক এখন মটৰচাইকেলত বলপূৰ্বক উঠাই নিয়ে২ দুৰ্বৃত্তই। মুখত সোপা দি ধিঙৰ লাঠিয়ামাৰী চৰৰ এডৰা জাৰনিৰ মাজত কিশোৰীক ধৰ্ষণ কৰে ২ দুৰ্বৃত্তই। ছোৱালীজনীয়ে চিঞৰ বাখৰ কৰিছিল, অসহায় হৈ চিঞৰিছিল ভাতৃয়েও। কম জনবসতিপূৰ্ণ ঠাইত সেই মাত শুনা নাছিল কোনোৱে। পশু হেন দুৰ্বৃত্তই পূৰণ কৰে কামনাৰ চাৰিতাৰ্থ। অৱশেষত ৰাইজ অহাৰ উমান পাই দুৰ্বৃত্ত পলাই যায়।

ইয়াৰ পিছতে ভুক্তভোগী কিশোৰীক নগাঁও চিকিৎসালয়ত ভর্তি কৰোৱা হয়। ঘটনা সংঘটিত হৈছিল যোৱা বুধবাৰেই। কথাটো লুকাইহে আছিল। অৱশেষত ভুক্তভোগীৰ আত্মীয়ই ধিং থানাত দাখিল কৰিলে এজাহাৰ। এজাহাৰ দাখিলৰ পিছতেই

দুই ধৰ্ষণকাৰীক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান। পলাতক দুই অভিযুক্ত ফুজাইল অহমেদ আৰু ইছৰাফিল হুছেইন। এনে কি সজাগতাৰ অভাৱত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হবলৈ ধৰিছে ইটোৰ পিছত সিটো ধৰ্ষণ কাণ্ড? কথাবোৰ জুকিওৱাৰ সময় হৈছে। তাৰ মাজতে এই উদ্বেগজনক ঘটনাই আকৌ প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে। ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...