চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত

সদৌ অসম ছাত্ৰ সন্থাৰ এখন গুৰুত্বপূৰ্ণ জৰুৰী ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা সন্থাৰ মুখ্য কাৰ্যালয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত সন্থাৰ সভাপতি উৎপল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয়।

ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভাই ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নির্বাচিত নকৰালৈকে সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক চর্জুন হান্সেক সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান কৰে। অহা চাৰিমাহৰ ভিতৰত হ’বলগীয়া সন্থাৰ সাধাৰণ সভাত ছাত্ৰ সন্থাৰ স্থায়ী সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হ’ব। এই চাৰিমাহ চর্জুন হান্সেই ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব পালন কৰিব।

সন্থাৰ আন সহকাৰী সাধাৰণ সম্পাদকসকলৰ মতামত লৈ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শর্মা আৰু মুখ্য উপদেষ্টা ড° সমুজ্জল ভট্টাচার্যই সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে চর্জুন হান্সেৰ নাম সভাত প্ৰস্তাৱ কৰাৰ লগে লগে ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সকলো বিষয়ববীয়া আৰু সদস্য, সদস্যাই সর্বসম্মতিক্রমে, হর্ষোল্লাসৰ মাজত এই প্রস্তাৱ গৃহীত কৰে। ২০২৫ চনৰ জানুৱাৰী মাহৰ শেষৰ সপ্তাহত ছাত্ৰ সন্থাৰ সাধাৰণ সভা অনুষ্ঠিত হ’ব। সভাৰ স্থান পৰৱৰ্তী ৰাজ্যিক কার্যনির্বাহক সভাই ঠিৰাং কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়াত ১,০০০তকৈও অধিক ড্ৰোন আক্ৰমণ ইউক্ৰেইনৰ; মস্কোত ইতিহাসৰ আটাইতকৈ বৃহৎ আক্ৰমণ

ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীয়ে ৰাছিয়াৰ বিভিন্ন প্ৰান্তত ১,০০০তকৈও অধিক ড্ৰোনৰে...

কবি আনিছ উজ জামানৰ জীৱনাসান, শোক প্ৰকাশ অসম সাহিত্য সভাৰ

অসম সাহিত্য সভাৰ ‘জাতীয় কবি’ অভিধাৰে সন্মানিত বিশিষ্ট কবি...