পাণ দোকানীৰ পৰা কোটিপতি হোৱা মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰ

ৰাজ্যত সংঘটিত হৈছে এটাৰ পিছত আনটো বৃহৎ ট্ৰেডিং কেলেংকাৰি। পোহৰলৈ আহিছে ট্ৰেডিঙৰ নামত সাধাৰণ জনতাক কৰা প্ৰৱঞ্চনাৰ ভয়াৱহ তথ্য। কিছুদিন পূৰ্বে বাক্সাৰ মুছলপুৰত সংঘটিত এক বৃহৎ প্ৰবঞ্চনাৰ বাতৰি আহিছিল পোহৰলৈ। ট্ৰেডিঙৰ নামত সাধাৰণ জনতাৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰি আত্মসাৎ কৰিছিল এক প্ৰৱঞ্চক চক্ৰই। আৰু এই প্ৰৱঞ্চক চক্ৰটোৰ মূল মাষ্টাৰমাইণ্ড আছিল পান দোকানী মাইনাও ব্ৰহ্ম। প্ৰায় ১০০ কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰিছিল অভিযুক্ত মাইনাও ব্ৰহ্মই। এই কেলেংকাৰি পোহৰলৈ অহাৰ পিছতে ভুক্তভোগী গ্ৰাহকে ভিৰ কৰিছিল নিজৰ ধন বিচাৰি। লগতে আৰক্ষীৰো কাষ চাপিছিল ভুক্তভোগী গ্ৰাহকে। হঠাৎ অন্তৰ্ধান হৈ পৰিছিল মাইনাও ব্ৰহ্ম। বাক্সা আৰক্ষীয়ে মাইনাও ব্ৰহ্মক বিচাৰি চলাইছিল অভিযান। কেইবাদিন ধৰি সন্ধান নাছিল অভিযুক্ত মাইনাও ব্ৰহ্মৰ। অৱশেষত বুধবাৰে নিশা বৰঝাৰৰ পৰা আটকৰ পাছতে গ্ৰেপ্তাৰ কৰে বাক্সা আৰক্ষীয়ে। প্ৰাপ্ত খবৰ অনুসৰি, দিল্লীত দীৰ্ঘদিনে আত্মগোপন কৰি আছিল মাইনাও ব্ৰহ্ম। পাণ দোকানীৰ পৰা কোটিপতি হৈছিল মাইনাও ব্ৰহ্ম।

ইফালে অভিযুক্ত মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ খবৰ পাই মুছলপুৰ থানাত গ্ৰাহকৰ ভিৰ। প্ৰাপ্য ধন বিচাৰি থানাত ভিৰ কৰিলে বহু লোকে। কিন্তু গ্ৰেপ্তাৰৰ পিছতো মুখ নুখুলিলে প্ৰৱঞ্চক মাইনাও ব্ৰহ্মই। ইফালে মাইনাও ব্ৰহ্মৰ আন এজন সহযোগী বৰ্তমানেও পলাতক। ডিঙিত মোটা সোণৰ চেইন পিন্ধা দীপাংকৰ ভট্ট। মুছলপুৰত সংঘটিত কেলেংকাৰিৰ আন অভিযুক্ত দীপাংকৰ। টিহুৰ ভোজকুছি গাঁৱত ঘৰ দীপাংকৰ ভট্টৰ। কম দিনতেই বিশাল সম্পত্তিৰ মালিক হৈছিল দীপাংকৰ। অভিযুক্ত দীপাংকৰ ভট্টকো বিচাৰি আৰক্ষীৰ অভিযান। দীপাংকৰৰ ভোজকুছিৰ বাসগৃহৰ পৰা ৫খন বাহন জব্দ কৰিছে আৰক্ষীয়ে। নিজগাঁও ভোজখুছি, মাখিবাহা, টিহু, নলবাৰী, আৰু পাঠশালাত প্ৰৱঞ্চনাৰ টকাৰে বিশাল সম্পত্তি গঢ়িছিল দিপাংকৰ ভট্টই। ইতিমধ্যে দিপাংকৰক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে বাক্সা আৰক্ষীয়ে। বহু ভুক্তভোগীয়ে এতিয়া মাইনাও ব্ৰহ্মক গ্ৰেপ্তাৰৰ পিছতে ভিৰ কৰিছে থানাত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...