ডায়েট, ডিব্ৰুগড়ত ৰাষ্ট্ৰীয় মহাকাশ দিৱস উদযাপন

২০২৩ চনৰ ২৩ আগষ্ট তাৰিখটো ভাৰত তথা সমগ্ৰ বিশ্বৰ বাবে এটা উল্লেখযোগ্য দিন। সেই দিনটোতে ভাৰতৰ কৃত্ৰিম উপগ্ৰহ চন্দ্ৰযান-৩ য়ে চন্দ্ৰপৃষ্ঠত সফল অবতৰণ কৰিছিল। এই ঐতিহাসিক অবতৰণৰ প্ৰথম বৰ্ষপূৰ্তি হিচাপে দেশজুৰি উদ্‌যাপন হৈছে ৰাষ্ট্ৰীয় মহাকাশ দিৱস। ডিব্ৰুগড় জিলাৰ চাবুৱাস্থিত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানতো (ডায়েট) ২২ আগষ্ট তাৰিখে বিবিধ কাৰ্যক্ৰমনিকাৰে এই সফলতাৰ প্ৰথম বৰ্ষপূৰ্তি উদ্‌যাপন কৰা হয়। বন্তি প্ৰজ্বলন আৰু জাতীয় সংগীতেৰে বিশেষ দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটে। ইয়াৰ পিছত প্ৰতিষ্ঠানৰ অধ্যক্ষ অনুজ কুমাৰ ভট্টাচাৰ্যই মহাকাশ দিৱসৰ তাত্‍পৰ্য আৰু ভৱিষ্যত সম্ভাবনীয়তা সম্পৰ্কে বক্তৃতা প্ৰদান কৰে| প্ৰতিষ্ঠানৰ শৈক্ষিক বিষয়াসকলেও দিৱসটোৰ মহত্ব সম্পৰ্কে নিজা দৃষ্টভংগী ব্যক্ত কৰি প্ৰশিক্ষাৰ্থী সকলক নতুন চিন্তা, আৱিষ্কাৰ, বিজ্ঞান চৰ্চা আদিৰ বাবে অনুপ্ৰাণিত কৰে। প্ৰতিষ্ঠানৰ ডি.এল.এড পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীসকলে প্ৰবক্তা উন্মনা মাঝিৰ তত্বাৱধানত বিজ্ঞান প্ৰদৰ্শনীৰ আয়োজন কৰে| প্ৰদৰ্শনীত ডি.এল.এড দ্বিতীয়‌‌ ষান্মাসিকৰ মুঠ পাঁচটা দলে অংশগ্ৰহণ কৰি ভাৰতীয় মহাকাশ বিজ্ঞানীসকলৰ বিভিন্ন যাত্ৰা আৰু প্ৰচেষ্টাৰ সফলতা-বিফলতা সমূহ পাৱাৰ পইন্টৰ জৰিয়তে প্ৰদৰ্শন কৰে। বি.এড পাঠ্যক্ৰমৰ প্ৰশিক্ষাৰ্থীসকলে দেশৰ সফলতাৰ বিশেষ দিনটোত সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে। অনুষ্ঠানৰ শেষত বিজ্ঞানৰ এই জয়যাত্ৰা যাতে অব্যাহত থাকক সেই প্ৰাৰ্থনাৰে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনৰ দ্বাৰা এদিনীয়া কাৰ্যসূচীৰ সমাপন ঘটে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ

সন্তানক বিদ্যালয়লৈ গো-মাংস দি পঠিওৱা মাতৃক গ্ৰেপ্তাৰ। নৱম শ্ৰেণীৰ...

বেদখলকাৰীৰ ৰেহাই নাই… ভাঙি পেলোৱা হ’ল প্ৰায় ৫৫টা অবৈধ ঘৰ

দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত পুনৰ আৰম্ভ প্ৰশাসনৰ...

মৃত্যুক লৈ ব্যৱসায়! প্ৰাক্তন অভিযন্তাৰ কাণ্ডত তোলপাৰ বিশ্ব

মৃত্যুক লৈ ব্যৱসায়! কেতিয়াও নোহোৱা নোপোজা ঘটনা ঘটিল এইখন...