প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰম আৰম্ভ

ডিব্ৰুগড়ত প্ৰাক্‌ শৈশৱকালীন পাঠ্যক্ৰম আৰম্ভ৷ মিলন নগৰস্থিত প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰত ১৯ আগষ্ট তাৰিখে এই পাঠ্যক্ৰম আৰম্ভ হয়৷ অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ সহযোগিতাত প্ৰাক্‌ শৈশৱ কালীন শিক্ষাৰ ছমহীয়া পাঠ্যক্ৰমৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসমৰ সাহিত্য জগতৰ পিতামহ ড০ নগেন শইকীয়াই। তেওঁ বক্তব্যত কয় যে- এটি কণমানি শিশু তেতিয়াহে প্ৰকৃত মানুহ হ’ব যেতিয়া নিজস্ব ভাষা আৰু সংস্কৃতি আহৰণ কৰিব পাৰিব। তেওঁ লগতে কয়, ভৱিষ্যত প্ৰজন্মৰ শান্তি আৰু প্ৰগতিৰ বাবে আমি শিশুসকলক নদ, নদী, পৰ্বত, পাহাৰ, জান- জুৰিৰ কাষলৈ নিব লাগিব।


সভাত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ড০ সমীৰণ বড়া আৰু মহিলা আৰু শিশু উন্নয়ন বিভাগৰ প্ৰকল্প বিষয়া| অনুষ্ঠানটোৰ আঁত ধৰে প্ৰাক্‌ প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা অলি খনিকৰ দত্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...