নিৰ্বাচনৰ পূৰ্বে ঝাৰখণ্ডত ‘অপাৰেচন পদ্ম’

৬জন বিধায়কক লৈ দিল্লী যাত্ৰী চম্পাই ছোৰেনৰ
চম্পাই ছোৰেনৰ স্থিতিক লৈ তোলপাৰ ঝাৰখণ্ডৰ ৰাজনীতি

বৰ্তমানলৈ দিন ঘোষণা হোৱা নাই যদিও ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচন সমাগত। নিৰ্বাচনৰ পূৰ্বে ক্ষমতাধিষ্ঠিত ঝাৰখণ্ড মুক্তি মৰ্চাত মোক্ষম আঘাত হনাৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। শেহতীয়া কিছু ৰাজনৈতিত তৎপৰতাৰ পিছত বিভিন্ন মহলে এনে সন্দেহ কৰিছে। হেমন্ত ছোৰেন কাৰাবন্দী হোৱাৰ সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চম্পাই ছোৰেনক লৈ বিজেপিয়ে ঝাৰখণ্ডত এক ৰাজনৈতিক নাটক ৰচনা কৰিছে। হেমন্ত ছোৰেন কাৰাগাৰৰ পৰা ওলাই পুনৰ মুখ্যমন্ত্ৰী হ’ল। চম্পাই ছোৰেনে এৰিবলগীয়া হ’ল মুখ্যমন্ত্ৰীৰ পদ। ইয়াতে চম্পাই ছোৰেন অসন্তুষ্ট হৈছিল। ইয়াৰে সুযোগ ল’ব বিচাৰিছে বিজেপিয়ে। চৰ্চা হৈছে চম্পাই ছোৰেনে JMM এৰি যোগ দিব বিজেপিত।

৫-৬ জন JMMৰ বিধায়কেও দুই-তিনি দিন আত্মগোপন কৰিছিল। এনে পৰিস্থিতিত JMMত পুনৰ এবাৰ ভাঙোন হোৱাৰ শংকা প্ৰকাশ পাইছে। সকলোৱে দৃষ্টি ৰাখিছে চম্পাই ছোৰেনৰ গতি-বিধিৰ ওপৰত।

দেওবাৰে নতুন মাত্ৰা পালে চম্পাইৰ বিজেপি গমন চৰ্চাই
JMMৰ ৬ বিধায়কসহ চম্পাই ছোৰেনে উৰা মাৰে দিল্লীলৈ

দিল্লী যাত্ৰাৰ পূৰ্বে অৱশ্যে চম্পাই ছোৰেণে তেওঁৰ যাত্ৰা একান্ত ব্যক্তিগত বুলি কয়। কিন্তু এনে একান্ত ব্যক্তিগত দিল্লী যাত্ৰাত কিয় লগ ল’লে ৬জন বিধায়কক? ঝাৰখণ্ডত বিজেপিৰ নিৰ্বাচনৰ দায়িত্ব লাভ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে চম্পাই ছোৰেনৰ সৈতে বিজেপিৰ কোনেও যোগাযোগ কৰা নাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আৰু চম্পাই চোৰেনৰ মন্তব্য যদি সঁচা হয় তেন্তে ৬ বিধায়কক লগত লৈ চম্পাই ছোৰেনৰ দিল্লী যাত্ৰাৰ ৰহস্য কি? মন কৰিবলগীয়া কথটো হ’ল হেমন্ত ছোৰেন কাৰাগাৰলৈ যোৱা আৰু কেইবাজনো বিধায়কে JMM এৰাৰ পিছতো বিজেপিয়ে সুবিধাজনক স্থিতিলৈ আহিব পৰা নাই। সেয়ে নিৰ্বাচন ঘোষণাও কৰা হোৱা নাই বুলি বিৰোধীয়ে সমালোচনা কৰিছে। বহুতে ভাবিছিল চাৰি ৰাজ্যৰ নিৰ্বাচন একেলগে ঘোষণা হ’ব। কিন্তু শুকুৰবাৰে নিৰ্বাচন আয়োগে জম্মু–কাশ্মীৰ আৰু হাৰিয়ানাৰহে নিৰ্বাচন ঘোষণা কৰিলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...

NEGCত সততা আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বৃহত্তম কেন্দ্ৰ হৈ উঠিছে USTM টিমোথি ডি শিৰা

University of Science and Technology Meghalayaত অনুষ্ঠিত উত্তৰ-পূৰ্ব স্নাতক...