এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা, জুনিয়ৰৰ ৰিকাৰ্ভত মহেশ-শ্ৰুস্তি চেম্পিয়ন

গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত চলি থকা ল’ৰা-ছোৱালীৰ প্ৰথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ জুনিয়ৰৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাৰ ফাইনেল মেচ সমাপ্ত হৈছে৷

ল’ৰাৰ শাখাত ৰাজস্থানৰ মহেশ কুমাৱটে প্ৰথম স্থান লাভ কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় হয় ক্ৰমে হাৰিয়ানাৰ ৰাহুল আৰু বংগৰ জুৱেল সৰকাৰ৷ আনহাতে, ৰিকাৰ্ভৰ ছোৱালীৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ শ্ৰুস্তি বালাজীয়ে৷ ৰূপ হাৰিয়ানাৰ কৃৰ্তিকা তথা ব্ৰঞ্জ ৰাজস্থানৰ প্ৰাঞ্জালী থ’লিয়াই অৰ্জন কৰে৷

ইফালে, জুনিয়ৰৰ কম্পাউণ্ড শাখাত ল’ৰাৰ খিতাপ লাভ কৰে মহাৰাষ্ট্ৰৰ মানৱ যাদবে৷ মধ্য প্ৰদেশৰ ৰাঘব পাটিডাৰে ৰূপ তথা হাৰিয়ানাৰ আয়ুশ ৰাৱে ব্ৰঞ্জৰ পদক পায়৷ ছোৱালীৰ সোণ অৰ্জন কৰে হাৰিয়ানাৰ একতা ৰাণীয়ে৷ তেলেংগনাৰ তানিপাৰ্থি চিকিথা দ্বিতীয় তথা হাৰিয়ানাৰ দ্বিপশিখা তৃতীয় হয়৷

উল্লেখ্য যে অসম আৰ্চাৰী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত ছিনিয়ৰ, জুনিয়ৰ আৰু ছাৱ-জুনিয়ৰ শাখাত ল’ৰা-ছোৱালী উভয়ৰে ৰিকাৰ্ভ আৰু কম্পাউণ্ডৰ একক শাখাৰ খেল অনুষ্ঠিত হৈছে৷ কাইলৈৰ পৰা দুদিনীয়াকৈ ছাৱ-জুনিয়ৰৰ খেল হ’ব৷ ইতিমধ্যে হৈ যোৱা ছিনিয়ৰ তথা জুনিয়ৰ শাখাত অসমৰ আৰ্চাৰে পদক জয় কৰাত ব্যৰ্থ হৈছে৷

আঠদিনীয়া প্ৰতিযোগিতাখনৰ প্ৰথম দুটা দিনত হোৱা ছিনিয়ৰ শাখাৰ খেলত ৰিকাৰ্ভ আৰু কম্পাউণ্ড উভয়তে অন্তিম ১৬ নকআউট পৰ্যায়লৈ অসমৰ কোনো খেলুৱৈয়ে যোগ্যতা অৰ্জন কৰিব পৰা নাছিল৷ কিন্তু জুনিয়ৰৰ ৰিকাৰ্ভত অসমৰ বিশাল চাংমাই আৰু আনিশা দাসে ফাইনেল ৰাউণ্ডলৈ যোগ্যতা অৰ্জন সফল হয় যদিও প্ৰি-কোৱাৰ্টাতে বিদায় লয়৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰিজৱান-ইমামৰ ফোনত কি বিচাৰিলে PCB-এ?

ইংলেণ্ড ভ্ৰমণত পাকিস্তান ক্ৰিকেট দলত ব্যাপক পৰিৱৰ্তন। তৃতীয়খন টেষ্টৰ...

শিৰচ্ছেদ কৰি পত্নীক নৃশংস হত্যা স্বামীৰ; পলিথিনত ভৰাই ফ্ৰিজত ৰাখিল শিৰ

মহানগৰীৰ বেলতলাত পুনৰাবৃত্তি ২০২২ চনৰ দিল্লীৰ শ্ৰদ্ধা ৱালকাৰ আৰু...

মেকেঞ্জি স্কটৰ নতুন অভিলেখ । এতিয়ালৈ দান কৰিলে ২.৪৬লাখ কোটি টকা

শেহতীয়াকৈ উত্তৰ কেৰ’লিনাৰ Elizabeth City State Universityক মেকেঞ্জি স্কটে...

কোন এই ছাৰাহ খালিফা ? কিয় ইজিপ্তৰ এইগৰাকী বাতৰি উপস্থাপকৰ বিৰুদ্ধে দিয়া হ’ল মৃত্যুদণ্ডৰ ৰায়দান ?

ইম্পছিবল নামৰ অপৰাধ আৰু নিৰাপত্তা বিষয়ক টেলিভিছন অনুষ্ঠানৰ জৰিয়তে...