নগৰবেৰাৰ ২ নং টুপামাৰীত বিপজ্জনকভাৱে চলিছে যাতায়াত

এখন দলং সাজিবলৈ এটা বিভাগক কিমান বছৰ লাগে? এখন দলং সাজিম বুলি ভাবিবলৈ এটা বিভাগক কিমান দিন লাগে? কিমান দুৰ্ভোগ ভুগিলে স্থানীয় বিধায়কৰ চকু খোলে? নগৰবেৰাৰ ২ নং টুপামাৰীত বিপজ্জনকভাৱে চলিছে যাতায়াত। মাত্ৰ দুডাল বাঁহতে মৰণক শৰণ দি এই যাত্ৰা। কণ কণ শিশুৱে শিক্ষাৰ পোহৰ বিচাৰি এইদৰেই কৰে অহা যোৱা। পিঠিত কিতাপৰ বেগ লৈ মৰণত শৰণ দি যাত্ৰা। কাঠৰ ভগা দলংখনৰ খুঁটাকেইটাতে বন্ধা আছে বাঁহ। এয়া ২০২৪ চনৰ বিকশিত অসমৰ এখন জীয়া ছবি। ৰাইজ নিৰাশ। স্থানীয় বিধায়কৰ খবৰ নাই।

স্থানীয় যুৱকৰ তৎপৰতাত বন্ধা গৈছিল বাঁহকেইডাল। বছৰৰ হিচাপত বহুতেই গ’ল। বিভাগীয় কৰ্তৃপক্ষৰ খবৰ নহ’ল। এইদৰে নিতৌ যাতায়াত কৰি অসহায় জনতা। ক’লে আমাক এখন দলং লাগে।

চৰকাৰৰ সংশ্লিষ্ট বিভাগ তথা স্থানীয় বিধায়কক আবেদন নিবেদন জনাইও সুফল নাপালে গাঁওবাসীয়ে। হাট–বজাৰ, স্কুল, কলেজ এই বাটেৰেই। ৰাইজৰ দুৰ্ভোগ যাতনাৰ ছবি তুলি ধৰিছে আমাৰ সাংবাদিকে। লক্ষণীয় হ’ব বিয়াগোম বিভাগ আৰু স্থানীয় বিধায়কৰ ‘গান্ধাৰী বান্ধ’ কেতিয়া খোলে!

Popular

More like this
Related

মহাৰাষ্ট্ৰৰ প্ৰথমখন নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীৰ আক্ৰমণ বিৰোধীক

‘কংগ্ৰেছ অসত্যৰ দোকান’। মহা বিকাশ আঘাড়ীয়ে পাকিস্তানৰ এজেণ্ডা লৈছে!...

ট্ৰাম্পৰ জয়ত চমকপ্ৰদ উত্থান ইলন মাক্সৰ

১০ মিনিটত ১০ লাখ কোটিৰ আয়! ট্ৰাম্পৰ জয়ত চমকপ্ৰদ...

এইবাৰ মৃত্যুৰ ভাবুকি বলীউডৰ বাদশ্বাহলৈ

বলীউডত বাজিছে মৃত্যুঘণ্টা !এজনৰ পিছত আনজন তাৰকাক মৃত্যুৰ ভাবুকি।...

শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন ডেকা

জীৱন নাটৰ ভাৱৰীয়া…শুধ বগা বস্ত্ৰৰে থিয়েটাৰগৃহ পালেগৈ অভিনেতা চন্দন...