পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়!

পুনৰ গোলাঘাট জিলাত হ’ব পাৰে জলপ্ৰলয়! খুলি দিয়া হৈছে NEEPCOৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ ৰিজাৰ্ভাৰৰ পানী। জিলা প্ৰশাসনে দৈয়াং আৰু ধনশিৰি নদীৰ দাঁতি কাষৰীয়া ৰাইজক দিছে সৰ্তকবাণী। দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধৰ ৰিজাৰ্ভাৰৰ পানীৰ স্তৰ ৩২২ মিটাৰ পোৱা গৈছে। আজি পুৱা ৰিজাৰ্ভাৰৰ ১ নং গেট ২৫ চেন্টিমিটাৰ মুকলি কৰা হৈছে। ইয়াৰ পাছতো পানীৰ স্তৰ ৩২২.৪০ মিটাৰলৈ বৃদ্ধি। পুনৰ গেট খোলাৰ উচ্চতা ০.৫০ মিটাৰলৈ বৃদ্ধি কৰা হৈছে। নদীৰ কাষৰীয়া লোকসকলক নদীত মাছ ধৰা, সাঁতোৰা, গা ধোৱা আদি কাৰ্যত নিষেধাজ্ঞা। খোলা হৈছে NEEPCOৰ দুখনকৈ গেট । গোলাঘাটৰ লগতে দাঁতিকাষৰীয়া অঞ্চললৈ সতৰ্কতা জাৰী। যিকোনো মূহুৰ্তত বাঢ়িব পাৰে পানী।

Popular

More like this
Related

গোলাঘাটত বোমা উদ্ধাৰ

গোলাঘাটত বোমা উদ্ধাৰ। ডিমাপুৰৰ পৰা শিৱসাগৰলৈ নি থকা অৱস্থাত...

আহি আছে ‘পুষ্পা 2 : দ্য ৰুল’

২০২১ চনত মুক্তিপ্ৰাপ্ত পুষ্পা: দ্য ৰাইজ ছবিখনে খলকনি তুলিছিল...

‘শক্তিমান’ চাবলৈ সাজুনে আপুনি?

১৯৯৭ চনত পোন প্ৰথমবাৰৰ বাবে দুৰদৰ্শনৰ যোগে সম্প্ৰচাৰিত হৈছিল...

শিৱসাগৰৰ মাজমজিয়াত বোমাতংক

শিৱসাগৰৰ জিলা পুথিভঁৰালৰ সন্মুখত বোমাতংক। এখন দোকানৰ সন্মুখত গছৰ...