এজাক বৰষুণ আৰু সেই একেই ছবি

এজাক বৰষুণ আৰু সেই একেই ছবি। সময় বাগৰি যায়। বছৰে বাগৰ সলায়। পাৰ হৈ যায় দশকৰ পিছত দশক। সলনি নহয় মহানগৰবাসীৰ দুৰ্দশাৰ ছবিখন। একেই দুৰ্দশা। তাহানিও আৰু আজিও।

নিৰ্বাচনৰ সময়ত এশ এবুৰি প্ৰতিশ্ৰুতি। বানমুক্ত হ’ব গুৱাহাটী! ভুল হয় জনতাৰ। প্ৰতিশ্ৰুতিত ভোল যায় মহানগৰবাসী। চৰকাৰ আহে ঠিকেই। কিন্তু সঁচা নহয় কথাবোৰ… প্ৰতিশ্ৰুতিবোৰ দিঠক নহয় কাহানিও।

কোনো এখন চৰকাৰেও ৰোধ কৰিব নোৱাৰে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা। কেতিয়াবা আকৌ তাৰ মাজতেই আহে বুকু কঁপাই যোৱা খবৰবোৰ। টি.ভি, বাতৰি কাকতৰ শিৰোনাম হয়… গুৱাহাটীৰ কৃত্ৰিম বানত পুনৰ মৃত্যু এজনৰ! বহু সেন্দুৰীয়া কঁপাল উকা হৈ ৰয়। পিতৃ নাইবা মাতৃহাৰা হয় বহুজন। কেতিয়াবা আকৌ পিতৃৰ সন্মুখতে উটি যায় কণমানি সন্তান। হেৰাই যায় কোনো কণমানি অবিনাশ। কান্দি কান্দি চকুলো টুকি বাকৰুদ্ধ হয় জীৱনবোৰ। ৰজাঘৰীয়াৰ অকণমান গা লৰে। খবৰ লয়। দেখুৱাই তৎপৰতা। ঘোষণা হয় এককালীন সাহাৰ্য। প্ৰতিশ্ৰুতি দিয়ে, এইবাৰ অনিষ্ট নহয় কোনো মানুহৰ! তাৰ পাছতো মহানগৰীলৈ বান আহে। ঘূৰি আহে সেই একেই পৰিৱেশ। দুৰ্ভোগ ভোগে জনতাই।  মাজনিশালৈকে যান-জঁটত আবদ্ধ হৈ ৰয় বহুজন। এম্বুলেঞ্চৰ ভিতৰতে মৃত্যুৰ ক্ষণ গণে ৰোগীয়ে। তাৰ মাজতো বুকুত অসহনীয় বিষ এটা লৈ আশাত বন্দী হৈ ৰয় মহানগৰীৰ জনতা। কথাবোৰ এদিন সলনি হ’ব! গুৱাহাটী এদিন কৃত্ৰিম বানমুক্ত হ’ব!

কিন্তু সঁচাকৈয়ে কথাবোৰ সলনি হ’বনে? কৃত্ৰিম বানমুক্ত হ’বনে মহানগৰী? সেই উত্তৰ সময়ে এদিন নিশ্চয় দিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...