হিন্দু-মুছলমানৰ মাজত মাটিৰ বেচা-কিনাৰ বাবে লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি

লাভ জেহাদ বুলিলে কি বুজে? সহজ ভাষাত কোনো মুছলমান যুৱকে যদি হিন্দু ধৰ্মৰ যুৱতীক বিয়া পাতে তেন্তে সেয়াই লাভ জেহাদ। অতীজৰে পৰা প্ৰেম-ভালপোৱাৰ বাবে ধৰ্মক আওকাণ কৰি অসবৰ্ণ বিবাহ অনুষ্ঠিত হৈ আহিছে অসম তথা ভাৰতত। ইয়াকে লৈ এতিয়া কঠোৰ অসম চৰকাৰ। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বাটেৰেই বাট বুলিছে হিমন্ত বিশ্ব শৰ্মাই। যোগী আদিত্যনাথৰ পাছত হিমন্ত বিশ্ব শৰ্মা।

যোৱা ২৯ জুলাইত উত্তৰ প্ৰদেশ চৰকাৰে বিধানসভাত উত্থাপন কৰিলে Prohibition of Unlawful Religious Conversion (Amendment) Bill! এই বিধেয়কৰ অধীনতেই লাভ জেহাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব উত্তৰ প্ৰদেশ চৰকাৰে। লাভ জেহাদৰ শাস্তি হব যাৱজ্জীবন কাৰাদণ্ড। ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ঘোষণা, শীঘ্ৰে অসম চৰকাৰে আনিব এখন কঠোৰ আইন। সেই আইনৰ অধীনত অসমতো লাভ জেহাদৰ শাস্তি হৱ যাৱজ্জীবন কাৰাদণ্ড।

মুছলমান আৰু হিন্দু লোকৰ মাজত মাটিৰ কিনা-বেচাৰ ক্ষেত্ৰত প্ৰয়োজন হ’ব মুখ্যমন্ত্ৰীৰ অনুমতি। সেই কথাও ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। নিলম্বিত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ। অসমৰ মানুহে হিন্দু-মুছলিম কথাবোৰ ভাল নাপায়। এনে কথাই ৰাজ্যখনৰহে ক্ষতি কৰে।

প্ৰতিক্ৰিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰো। সংবিধানত লাভ জেহাদ বুলি কোনো কথা নাই। ভাৰতক হিন্দুৰাষ্ট্ৰ কৰাৰ সপোন দেখিছে মুখ্যমন্ত্ৰীয়ে
এই কাম সংবিধানবিৰোধী।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ সমালোচনা কৰি দিল্লীত প্ৰতিক্ৰিয়া সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীয়ে অসমত মাটি বিক্ৰী নকৰা পৰিৱেশ সৃষ্টি কৰক। অসমৰ মানুহে কিয় মাটি বেছিবলগীয়া হৈছে সেয়া চিন্তা কৰক মুখ্যমন্ত্ৰীয়ে। এতিয়া মানুহে প্ৰেম কৰিবলৈও মুখ্যমন্ত্ৰীৰ পৰা NOC লব লাগিব

মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এইদৰেই সৰ্বত্ৰ প্ৰতিক্ৰিয়া। এশ এবুৰি সমস্যাৰে জৰ্জৰিত ৰাজ্য। ৰাস্তা-ঘাটৰ দুৰৱস্থা। মূল্যবৃদ্ধিৰ মাধমাৰ। বৰ্ধিত হত্যা-হিংসাক লৈ উদ্বিগ্ন ৰাজ্যবাসী। মুখ্যমন্ত্ৰী ব্যস্ত কোনে কাৰ লগত প্ৰেম কৰিছে। কোনে কাক মাটি বিক্ৰী কৰিছে সেইবোৰত। চিন্তা কৰক। এনেকৈ অসম ৫ উন্নত ৰাজ্যৰ ভিতৰত এখন হ’বনে?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...