বেমাৰত পৰাৰ পূৰ্বে ১০০ বাৰ ভাবিবলগীয়া পৰিস্থিতি

যিমান পাৰি বেমাৰত নপৰাকৈ থাকিবলৈ চেষ্টা কৰক। যিমান পাৰি হাস্পতাললৈ নোযোৱাকৈ ৰোৱাৰ যত্ন কৰক। জ্বৰ, কাঁহ, হাত ভৰি ভঙা, বুকুৰ বিষ এইবোৰ নোহোৱাকৈ থাকিবলৈ প্ৰাৰ্থনা কৰক। কিয়নো, চৰকাৰী হাস্পতালতো এতিয়া সূলভ নহয় চিকিৎসা সেৱা। আয়ুষ্মান কাৰ্ডৰ সেৱা সীমিত কৰাৰ সমান্তৰালকৈ জনতাৰ মূৰত ৰামটাঙোনৰ কোব দি এতিয়া হোৰাহোৰে বাঢ়িছে দাম চিকিৎসা সেৱাৰ। GMCHত ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ল চিকিৎসাসেৱাৰ নতুন নিৰিখ। মুঠ ১০৫ বিধ পৰীক্ষাৰ নিৰিখ বৃদ্ধি পালে GMCHত।

থোৰতে কেইটামান তথ্য দিও– পঢ়ক
পূৰ্বৰ ৩০ টকাৰ PP ব্লাড ছুগাৰ পৰীক্ষা বৃদ্ধি ৫০ টকালৈ
লিভাৰ ফাংচন টেষ্ট পূৰ্বতে হৈছিল ৪১০ টকাত
এতিয়া LFT পৰীক্ষাৰ মাচুল হ’লগৈ ৯০০ টকা
আগেয়ে ৯০ টকীয়া প্ৰ’টিন এণ্ড ফাংচন টেষ্ট এতিয়া ৩০০টকা
২৪ ঘণ্টাৰ ইউৰিন প্ৰ’টিনৰ পৰীক্ষা ৭৫ টকাৰ পৰা বৃদ্ধি ১৫০ টকালৈ
৭০ টকাৰ ALP পৰীক্ষা বৃদ্ধি হ’ল ১৫০ টকালৈ
ANA প্ৰফাইল ৩০০০ পৰা বৃদ্ধি ৩৫০০ টকালৈ
ছেৰাম TSHৰ নিৰিখ ২০০ পৰা ৩০০লৈ বৃদ্ধি
লিপিড প্ৰফাইল ৩৬৫ৰ পৰিৱৰ্তে হ’ল ৫০০ টকা
আইৰন প্ৰফাইল ৬৬০ টকাৰ পৰা বৃদ্ধি ১১০০ টকালৈ

বৃদ্ধিৰ তালিকা দীঘল। দীঘলীয়া তালিকা শুনিলে জ্বৰ নুঠাৰো উঠিব জ্বৰ। আনহে নালাগে পঞ্জীয়ন আৰু জেনেৰেল বেডৰ মূল্যও বাঢ়িল ১০ টকাকৈ। এই বৰ্ধিত মূল্যই সাধাৰণ জনতাৰ জীৱনত কেনে প্ৰভাৱ পেলাব সেয়া সহজেই অনুমেয়। অসুখ হ’লেই চৰকাৰী চিকিৎসালয়লৈ ঢাপলি মেলিবলৈ বাধ্য মধ্যবিত্ত অথবা দুখীয়া শ্ৰেণীৰ প্ৰতি চৰকাৰখনৰ এয়া কেনেধৰণৰ ব্যৱস্থা তাকে লৈ প্ৰশ্ন উঠিছে। তাৰে মাজতে GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই ক’লে
‘চৰকাৰে ভাল সিদ্ধান্ত লৈছে’ দাম হেনো ২০ বছৰৰ পাছতহে বাঢ়িছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...