মৃত্যুৰে যুঁজি যুঁজি হাৰিল আন এটা বন্য ঘোঁৰা

বানৰ বাবে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ব্ৰহ্মপুত্ৰৰে উটি আহিছিল বন্য ঘোঁৰা। এই বন্য ঘোঁৰাৰ বাবেই জগত বিখ্যাত ডিব্ৰু চৈখোৱা। কিন্তু বিপদাপন্ন বন্য ঘোঁৰাৰ প্ৰতি যেন কোনো দায়িত্ববোধেই নাই। বগীবিলত আবদ্ধ ঘোঁৰাৰ প্ৰতি নিৰুদ্বেগ দায়িত্বজ্ঞানশূন্য বন বিভাগ। মঙলবাৰৰ পৰা ধাৰাবাহিকভাৱে এই দুষ্প্ৰাপ্য বন্য ঘোঁৰাৰ বাতৰি প্ৰকাশ পাই আহিছে NKTVত। চেষ্টা চলিছে ঘোৰ নিদ্ৰাত থকা ডিব্ৰুগড় বন বিভাগৰ দৃষ্টি আকৰ্ষণ কৰাৰ। কিন্তু নাই কেৰেপেই নাই।

হাজাৰ গৰিহণায়ো গা লৰাব নোৱাৰিলে চন্দ্ৰমোহনৰ বন বিভাগৰ
মৃত্যুৰে যুঁজি যুঁজি হাৰিল আন এটা বন্য ঘোঁৰা
তথাপিও ডিব্ৰুগড়ৰ বিয়াগোম বনবিভাগৰ ‘ঘোৰ ঘূমতি’ নাভাগিল
বিপদাপন্ন বন্য ঘোঁৰাৰ প্ৰতি যেন কোনো দায়িত্ববোধেই নাই
এটা এটাকৈ দুটা ঘোঁৰা মৰিল খাদ্যৰ অভাৱত, বোকাত লাগি
বগীবিলত আবদ্ধ ঘোঁৰাৰ প্ৰতি নিৰুদ্বেগ দায়িত্বজ্ঞানশূন্য বন বিভাগ
মুখ্যমন্ত্ৰীৰ অমৃত বৃক্ষ আন্দোলন সাকাৰ কৰাত ব্যস্ত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী নেতৃত্বাধীন বন বিভাগ
জীৱন্ত অৱস্থাত বন্য ঘোঁৰাক উদ্ধাৰ কৰিবলৈ যাবলৈ আহৰি নোলাল ডিব্ৰুগড়ৰ বনবিভাগৰ
আজিহে ওলাল ভগা সবাহত উৰুলি দিবলৈ
পলসত পোঁত যোৱা ঘোঁৰাটোৰ মৃত্যুৰ পাছতহে নাও লৈ চাপৰিলৈ যাত্ৰা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...