অন্ধবিশ্বাস! ডাইনী সন্দেহত এগৰাকী মহিলাৰ ভয়ংকৰ কাণ্ড

বিজ্ঞান প্ৰযুক্তিবিদ্যাই মানৱ জাতিক বহুদূৰ আগুৱাই নিলেও ক’ৰবাতে যেন ৰৈ গৈছে একাংশ মানুহৰ মানসিকতা। এতিয়াও অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰ পৰা ওলাই আহিব পৰা নাই একাংশ লোক। তাৰ ফলস্বৰূপে সময়ে সময়ে সংঘটিত হৈ আহিছে ভয়ংকৰ ঘটনা। মস্তিষ্কহীন একাংশ লোকৰ কাণ্ডত লজ্জিত হৈ আহিছে সমগ্ৰ মানৱ সমাজ। তেনে এক ঘটনাই এইবাৰ জোকাৰি গৈছে ৰাজ্য। ডাইনীৰ সন্দেহত দাৰে ঘপিয়াই হত্যাৰ চেষ্টা এগৰাকী মহিলাক। ঘটনাৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ।

মৃত্যু এতিয়া সহজ! সামান্য অজুহাততেই কিম্বা নিজৰ স্বাৰ্থত একাংশই নিঃসংকোচে হত্যা কৰিব পাৰে কাৰোবাক। ৰাজ্য জোকাৰি যোৱা এটা ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিলে সেই কথা। ৰাজ্যত পুনৰ ডাইনীকাণ্ড। তেজপুৰৰ ভিতৰুৱা কঠালগুৰি নপামবস্তিত গাঁৱত সংঘটিত হৈছে এই ঘটনা। ভেংৰা উপাধিৰ এগৰাকী মহিলাই আন এগৰাকী মহিলাক দাৰে ঘপিয়াই কৰিলে হত্যাৰ চেষ্টা। উল্লেখ্য যে মহিলাগৰাকীৰ পুত্ৰৰ যোৱা বছৰ পানীত পৰি মৃত্যু হৈছিল। পুত্ৰৰ মৃত্যুৰ কাৰণ তন্ত্ৰ-মন্ত্ৰ বুলি ভাবি লৈছিল মহিলাগৰাকীয়ে। যাৰ পৰিপ্ৰেক্ষিতত পুত্ৰৰ মৃত্যুৰ কাৰণ হিচাপে আন এগৰাকী মহিলাক ডাইনী সজাইছিল মহিলাগৰাকীয়ে। আন এগৰাকী মহিলাৰ প্ৰৰোচনাত ভেংৰা উপাধিৰ মহিলাগৰাকীয়ে সংঘটিত কৰে এই জঘন্য ঘটনা। ভুক্তভোগীৰ বৰপুত্ৰই মহিলাগৰাকীৰ হাতৰ পৰা দা’খন কাঢ়ি প্ৰাণ ৰক্ষা কৰে মাতৃৰ। এই ঘটনাৰ পাছত তেজপুৰ সদৰ থানাত গোচৰ তৰে ভুক্তভোগী পৰিয়ালটোৱে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত মহিলাগৰাকীসহ আন এগৰাকীকো। মঙলবাৰে বিয়লি তেজপুৰ আদালতত হাজিৰ ২ অভিযুক্তক। ন্যায়ালয়ে নিশা জে’ললৈ প্ৰেৰণ কৰে অভিযুক্ত দুয়োগৰাকী মহিলাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...