বান কমিল, এইবাৰ সংহাৰী ৰূপ জাপানীজ এনকেফেলাইটিছৰ

বিপদে যেন লগ নেৰা হৈছে ৰাজ্যৰ জনতাৰ। বানৰ পিছতেই ৰাজ্যত এইবাৰ জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ। কামপুৰত JEত আক্ৰান্ত হৈ এজনৰ মৃত্যু। মৃত লোকজন কঠিয়াতলীৰ টংকেশ্বৰ বৰা। গুৱাহাটীৰ ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ আছিল বৰা। টংকেশ্বৰ বৰাৰ মৃত্যুত আতংকিত কঠিয়াতলী ৰাইজ। নগাঁৱৰ পুৰণিগুদামতো জাপানীছ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। পুৰণিগুদামৰ হাতীগাঁৱৰ এগৰাকী মহিলা JEত আক্ৰান্ত। আক্ৰান্ত মহিলাগৰাকী ৬০ বছৰীয়া অঞ্জুমণি হাজৰিকা। JEত আক্ৰান্ত অঞ্জুমণি হাজৰিকা বৰ্তমান গুৱাহাটীত চিকিৎসাধীন। মহিলাগৰাকী আক্ৰান্ত হোৱাৰ পাছতে গাঁওখনত স্বাস্থ্য বিভাগৰ তৎপৰতা। গাঁওখনত ফ’গিঙৰ ব্যৱস্থা লগতে লৈছে সজাগতামূলক ব্যৱস্থা। কাৰ্বি আংলঙতো JEত আক্ৰান্ত হৈ মৃত্যু হয় এটি শিশুৰ। কাৰ্বি আংলঙত বৰ্তমানলৈকে ১১জন লোক আক্ৰান্ত হৈছে JEত। ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমানো চিকিৎসাধীন ৯ JEত আক্ৰান্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...