নয়ডাত পথ দুৰ্ঘটনাত নিহত অসমৰ ৩ যুৱক

নয়ডাত পথ দুৰ্ঘটনাত নিহত হৈছে অসমৰ ৩ যুৱক। সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। এখন বিয়াৰ পৰা উভতি অহাৰ পথতে এই ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ব’লেৰ’ পিকআপ গাড়ী৷ পিছে-পিছে আহি থকা আন এখন যাত্ৰীবাহী বাহনে খুন্দা মাৰে বলেৰ’খনত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১২ জনকৈ লোক। স্থানীয় আৰক্ষীৰ তৎপৰতাত আহত আটাইকে চিকিৎসালয়ত ভৰ্তি। চিকিৎসালয়তে মৃত্যু হয় তিনিজনৰ। মৃত তিনিওজন অসমৰ বুলি তথ্য লাভ কৰা হৈছে৷ সম্প্ৰতি চিকিৎসাধীন আহত ৯ জন লোক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...