নয়ডাত পথ দুৰ্ঘটনাত নিহত অসমৰ ৩ যুৱক

নয়ডাত পথ দুৰ্ঘটনাত নিহত হৈছে অসমৰ ৩ যুৱক। সোমবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। এখন বিয়াৰ পৰা উভতি অহাৰ পথতে এই ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে এখন ব’লেৰ’ পিকআপ গাড়ী৷ পিছে-পিছে আহি থকা আন এখন যাত্ৰীবাহী বাহনে খুন্দা মাৰে বলেৰ’খনত। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ১২ জনকৈ লোক। স্থানীয় আৰক্ষীৰ তৎপৰতাত আহত আটাইকে চিকিৎসালয়ত ভৰ্তি। চিকিৎসালয়তে মৃত্যু হয় তিনিজনৰ। মৃত তিনিওজন অসমৰ বুলি তথ্য লাভ কৰা হৈছে৷ সম্প্ৰতি চিকিৎসাধীন আহত ৯ জন লোক।

Popular

More like this
Related

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল

চলন্ত গাড়ীত জীৱন-মৰণৰ খেল। ৰাজপথত উদণ্ড যুৱকৰ ভয়ংকৰ কাণ্ড।...

সপ্তাহত এদিন সম্পূৰ্ণ সিজোৱা খাদ্য খাওক, তেল-মছলাৰ ব্যৱহাৰ কমাওক : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী তথা...

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা

মহানগৰীত আন এক ৰহস্যজনক মৃত্যুৰ ঘটনা। এইবাৰ সাতগাঁৱৰ কোচপাৰাত...

১ কোটি টকা ৰান্ধনীৰ বাবে, ব্যক্তিগত সচিবৰ বাবে ১০ লাখ টকা | ৰতন টাটাৰ ইচ্ছাপত্ৰৰ সবিশেষ

২০২৪ চনৰ অক্টোবৰত মৃত্যুবৰণ কৰা উদ্যোগপতি তথা সমাজহিতৈষী ৰতন...