সম্পন্ন হ’ল বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া

শুকুৰবাৰে সম্পন্ন হ’ল বিশ্বজুৰি চৰ্চা লাভ কৰা অনন্ত আম্বানী-ৰাধিকা মাৰ্চেণ্টৰ বিয়া। মুম্বাইস্থিত জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত আয়োজিত হ’ল মুকেশ আম্বানীৰ কণিষ্ঠ পুত্ৰৰ বহুপ্ৰত্যাশিত বিয়াখন। এই আড়ম্বৰপূৰ্ণ বিয়াখনৰ আয়োজনৰ বিষয়ে ইতিমধ্যে জ্ঞাত হৈছে বিশ্ববাসী। বিশ্বৰ বিভিন্ন ক্ষেত্ৰৰ নামী-দামী তাৰকাই অংশ ল’লে বিবাহৰ পূৰ্বৰ ভিন্ন অনুষ্ঠানত।

বিয়াৰ দিনটোত বিবাহথলীত উপস্থিত হাই-প্ৰফাইল নেতা-মন্ত্ৰী, তাৰকা। বিবাহথলীত উপস্থিত ভাৰতৰ প্ৰাক্তন ৰেলমন্ত্ৰী লালুপ্ৰসাদ যাদৱ। পত্নী ৰাৱৰী দেৱীও আহিল অনন্ত-ৰাধিকাৰ বিয়ালৈ। বিবাহথলীত বিশ্ববিখ্যাত ৰেচলাৰ জন চিনা। পৰিয়ালসহ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ। ইপিনে সুকীয়া ষ্টাইলত বিবাহথলীত প্ৰৱেশ শ্বাহৰুখ খানৰ।

নিমন্ত্ৰণ ৰক্ষা কৰি অনন্ত-ৰাধিকাৰ বিয়াত উপস্থিত হ’লহি দক্ষিণৰ একাংশ হাই-প্ৰফাইল তাৰকা। পৰিয়ালসহ মুম্বাইত উপস্থিত মহেশ বাবু । অকলেই উপস্থিল হ’লহি অভিনেত্ৰী ৰশ্মিকা মন্দান্না। পত্নী উপাসনা আৰু কন্যাৰ সৈতে বিয়াত অংশগ্ৰহণ অভিনেতা ৰামচৰণৰ। ভগ্নী ক্ল’ কাৰ্দাছিয়ানৰ সৈতে বিবাহথলীত জনপ্ৰিয় আমেৰিকান মিডিয়া তাৰকা কিম কাৰ্ডাচিয়ান।

বিয়লি ৩ বজাত দেশী-বিদেশী অতিথিৰ সৈতে কইনা ৰাধিকা মাৰ্চেণ্টৰ ওচৰলৈ ৰাওনা হ’ল অনন্ত আম্বানীৰ বৰযাত্ৰী। গুজৰাটী ৰীতি-নীতিৰে সম্পন্ন হ’ল দুয়োৰে বিবাহ। নিশা ৮ বজাত হ’ল অনন্ত আৰু ৰাধিকাৰ জয়মালা অনুষ্ঠান। ১৩ জুলাইত শুভ আশীৰ্বাদৰ পাছত ১৪ জুলাইত অনুষ্ঠিত হ’ব অভ্যৰ্থনা অনুষ্ঠান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...