পুৰণি আখেজৰ বাবেই যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড

ডিব্ৰুগড়ৰ আলুবাৰীত সংঘটিত হল চাঞ্চল্যকৰ হত্যাকাণ্ড। পুৰণি আখেজৰ বাবে ১২ জনীয়া এটা দলে আক্ৰমণ কৰিলে টম্লু সোণাৰ নামৰ যুৱকক। বুধবাৰে নিশা ঘটিছিল সেই ঘটনা। সন্ধিয়া কামৰ পৰা উভতি অহা নাছিল টম্লু সোণাৰ। ঘৰৰ পৰা ওলাই গৈ পত্নীয়ে দেখিলে এঠাইত বহি আছে যুৱকজন। সেই ঠাইৰ পৰা লৈ আনিলে ঘৰলৈ। ঘৰত খাবলৈ দিলে ৰুটী। ৰুটী খাওঁতেই তেজ বমি হয় যুৱকজনৰ।

বেয়াকৈ প্ৰহাৰ কৰা হৈছিল যুৱকজনক। দীপজ্যোতি ৰাজবংশী নামৰ এজন যুৱকে লগত আৰু এঘাৰজন যুৱকক লৈ এটা কোঠাত আবদ্ধ কৰি টম্লুক প্ৰহাৰ কৰাৰ অভিযোগ। গুৰুতৰভাবে অসুস্থ হৈ পৰা যুৱকজনক ভৰ্তি কৰোৱা হৈছিল অসম মেডিকেল কলেজত। তাতেই যুৱকজনৰ মৃত্যু হল। ইয়াৰ পাছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে অভিযুক্ত দীপজ্যোতি ৰাজংবশীক। লগত থকা আন ১১জন যুৱককো গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদানৰ দাবী সকলোৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...