দুদিনীয়া উত্তৰ-পূব ভ্ৰমণলৈ ৰাহুল গান্ধী

লোকসভাৰ বিৰোধী দলপতি হোৱাৰ পিছত প্ৰথম উত্তৰ–পূব ভ্ৰমণলৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী। দুদিনীয়া ভ্ৰমণ সূচীৰে সোমবাৰে পুৱাই সিলচৰত উপস্থিত হয় কংগ্ৰেছ নেতাজন। কাছাৰ আৰু জিৰিবামত থকা মণিপুৰৰ শৰণাৰ্থীৰ দুকৈ শিৱিৰ পৰিদৰ্শন কৰে ৰাহুলে। আতংকিত মণিপুৰ বাসীয়ে শীঘ্ৰে মণিপুৰলৈ স্থায়ী শান্তি ঘুৰাই অনাৰ ব্যৱস্থা লোৱাৰ বাবে আহ্বান জনাই বিৰোধী নেতাজনক। ইয়াৰ পিছতে শিলচৰ বিমান বন্দৰতে অসমৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাহুল গান্ধী।

অসমৰ বান সমস্যাক লৈ উদ্বিগ্ন ৰাহুল গান্ধী

বিজেপিৰ বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি অসাৰ

বান সমস্যা সমাধানত ডাব’ল ইঞ্জিন চৰকাৰ ব্যৰ্থ হোৱাৰ অভিযোগ

বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

হিংসা জৰ্জৰিত মণিপুৰৰ পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যৰে লোকসভাৰ বিৰোধী দলপতি হোৱাৰ পিছত প্ৰথমটো উত্তৰপূব ভ্ৰমণ ৰাহুল গান্ধীৰ। সোমবাৰে পুৱাই বিশেষ বিমানযোগে শিলচৰত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে বিমান বন্ধৰতে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ সৈতে পৰ্যালোচনা কৰে অসমৰ বান পৰিস্থিতিৰ। বিৰোধী দলপতিজনক প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই অসমৰ বানৰ প্ৰসংগত প্ৰদান কৰে এক স্মাৰক পত্ৰ। বান সমস্যাৰে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা পৰ্যাপ্ত পুঁজি মোকালাই অনাত ব্যৰ্থ হোৱা বুলি জনাই ৰাহুল গান্ধীক। অসমৰ এই জলন্ত সমস্যা লোকসভাত বলিষ্ঠভাৱে ৰাহুল গান্ধীক উত্থাপন কৰাৰো আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। তাৰ পিছতে এক্স হেণ্ডেলত কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় ৰাহুল গান্ধী। গুৱাহাটীত কৃত্ৰিম বানত অপমৃত্যু হোৱা অবিনাশ সকাৰক লৈও শোক প্ৰকাশ কংগ্ৰেছ নেতাজনৰ। বান মুক্ত অসমৰ শ্ল’গানেৰে ক্ষমতা দখল কৰা বিজেপিৰ ডাব’ল ইঞ্জিনৰ চৰকাৰৰ চূড়ান্ত অব্যৱস্থাৰ বাবেই ৰাজ্যত বানত ব্যাপক ক্ষতি হোৱা বুলি সৰৱ হয় ৰাহুল গান্ধী।

ইফালে পুৱাই শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত অৱতৰণ কৰি লক্ষীপুৰৰ সীমান্তত থকা ফুলেৰতল শৰনাৰ্থী শিবিৰত উপস্থিত হয় লোকসভাৰ বিৰোধী দলপতিজন। প্ৰাণৰ মমতাত বিগত এমাহে শৰনাৰ্থী শিৱিৰত আশ্ৰয় লোৱা মণিপুৰৰ শৰনাৰ্থীসকলৰে বাৰ্তালাপ কৰে ৰাহুল গান্ধীয়ে। দুৰ্গত ৰাইজে সন্মুখীন হোৱা জলন্ত সমস্যাৰ বিষয়ে অৱগত কৰে ৰাহুলক। শিৱিৰত খোৱা পানীকে ধৰি এশ এবুৰি সমস্যাৰ কথাও ৰাহুল গান্ধীক জনালে মণিপুৰৰ শৰনাৰ্থীয়ে। সমান্তৰালকৈ বিৰোধী দলপতিজনক মণিপুৰৰলৈ স্থায়ী শান্তি ঘুৰাই অনাৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনায়। আশ্ৰয় শিৱিৰত দীৰ্ঘসময় বাৰ্তালাপ কৰি মণিপুৰৰ সমস্যা লোকসভাত সজোৰে উত্থাপনৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে।

ফুলেৰতল শৰনাৰ্থী শিবিৰৰ পৰা পোনে পোনে মণিপুৰৰ জিৰিবামলৈ যায় কংগ্ৰেছ নেতাজন। জিৰিবামতো ৰাহুল গান্ধীয়ে জিৰিবাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত থকা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে।  শিবিৰ থকা আতংকিত লোকসকলৰ পৰিস্থিতিৰ বুজ লয় ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মণিপুৰ ভ্ৰমণৰ সময়তে মণিপুৰ প্ৰদেশক কংগ্ৰেছৰ সভাপতি দেৱব্ৰতই সদনৰ মজিয়াত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ পৰিস্থিতিক লৈ মিথ্যাচাৰৰ আশ্ৰয় লোৱা বুলি উত্থাপন কৰে অভিযোগ।

জিৰিবামৰ পৰা পুনৰ শিলচৰ বিনাম বন্দৰলৈ আহি বিশেষ বিমান যোগে ইম্ফললৈ ৰাওনা হয় কংগ্ৰেছ নেতাজন। আজি নিশা ইম্ফলতে কব ৰাহুল গান্ধীয়ে। মঙলবাৰে ইম্ফলৰ পৰাই নাগালেণ্ডলৈ ৰাওনা হ’ব ৰাহুল।

Popular

More like this
Related

গুৱাহাটীত নিশা দুটাকৈ পথ দুৰ্ঘটনা, আহত কেইবাজনো

জু-ৰোডৰ শ্ৰদ্ধাঞ্জলি উৰণ সেতুত দেওবাৰে নিশা সংঘটিত হয় এক...

যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ

যুদ্ধৰ ক’লা ডাৱৰে ঢাকি ধৰিছে মধ্যপ্ৰাচ্যৰ আকাশ। গাজাত আৰম্ভ...

বিদেশ মন্ত্ৰী জয়শংকৰৰ ভ্ৰমণক লৈ তোলপাৰ পাকিস্তান

১৫–১৬ অক্টোবৰত বিদেশ মন্ত্ৰী এচ জয়শংকৰৰ পাকিস্তান ভ্ৰমণ নিশ্চিত...

হৰেন্দ্ৰনাথ বৰুৱা আছিল এজন মানৱতাবাদী জাতীয়তাবাদী

তেওঁৰ জাতীয়তাবাদ সংকীৰ্ণ নাছিল, অসমীয়া জাতিৰ সৰ্বাংগীন বিকাশেই আছিল...