জোনাইত অব্যাহত বানৰ তাণ্ডৱ

এখন দুখন নহয়, ১০খনকৈ গাঁৱৰ ৰাইজ শংকিত। ঘৰ-বাৰী বহুলাংশে ডুব গৈছে পানীত। বৰপানীয়ে নমাই আনিছে বিভীষিকা।

জোনাই মহকুমাৰ অন্তৰ্গত ৰামধন ধিকাৰী গাঁও পঞ্চায়তৰ কেইবাখনো গাঁৱত বানৰ তাণ্ডৱ। আমি প্ৰথমেই উল্লেখ কৰা ধৰণে পঞ্চায়তটোৰ প্ৰায় ১০ খন গাঁৱৰ ৰাইজে এতিয়া ককবকাইছে পানীৰ তলত।

কেউফালে পানী আৰু পানী, কিন্তু খোৱাৰ উপযোগীকৈ এটুপি পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বন্যাৰ্ত। স্কুললৈ সন্তানক পঠোৱাটো প্ৰায় দুৰ্বিসহ হৈ পৰিছে। তাৰ মাজতে কোনোৱে একঁকাল পানীৰ মাজত সন্তানক কোলাত তুলি লৈ আনিছে। পিঠিৰ স্কুলবেগত পোনাটিৰ মানুহ হোৱাৰ সপোন। ইয়াৰ লগতে হাঁহ-কুকুৰাৰ বাবেও একো এটা কৰিবলৈ অপাৰগ গৃহস্থ। খাবলৈ খুদকণ এটাও পোৱা নাই পশুধনে।

ইয়াৰ মাজতে আন এক বিপদ! জোনাইৰ প্ৰথমটো বানত বাঢ়নী পানীয়ে চিঙিলে গাইড বান্ধ। আন বহু গাঁৱৰ খেতি-পথাৰ, ঘৰ দুৱাৰ ডুব যোৱাৰ আশংকা।

জোনাইৰ অসম অৰুণাচল সীমান্ত অঞ্চলত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আজি পুৱাই খৰস্ৰোতা ৰায়াং নদীয়ে চিঙিছে গাইড বান্ধ। চিগি যোৱা গাইড বান্ধৰ পানীয়ে অঞ্চলটোৰ ২নং চিৰাম পুৰীয়া, কাৰ্দংচুক, ৰাংকপ দেউৰী, বিজয়পুৰ দেউৰী, উত্তৰ কাৰ্দংচুক, ভেকেলী গাঁৱ, মধ্য লখিপুৰ, মেম্বাৰচুক আদি গাঁৱকে ধৰি প্ৰায় দহখনতকৈ অধিক গাঁও প্লাৱিত কৰিছে। ১নং আৰু ২নং জামুগুৰি,উলনী, মোলানা, বিষ্ণুপুৰতো একেই পৰিস্থিতি। যোৱা বৰ্ষতে এই গাইড বান্ধ নিৰ্মাণৰ বাবে ৰাইজে বিভিন্ন সময়ত বিধায়কৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন নিবেদন কৰি আহিছিল কিন্তু গুৰুত্ব নিদিয়াৰ বাবে এনে পৰিস্থিতি হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।

ৰাইজে এতিয়া ককবকাইছে বানত। বাট চাইছে ৰজালৈ। ৰজা আহিব আহিব, বান্ধ এটা বান্ধি দিব, ভোটৰ সময়ত কোৱাৰ দৰেই দাইল চাউল দিব বানাক্ৰান্তক, সেই আশাৰেই এতিয়া বাট চাইছে বানাক্ৰান্তসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...