২০২৪ৰ সৰ্বাধিক উপাৰ্জনকাৰী তাৰকা কোন?

ভাৰতীয় চলচ্চিত্ৰ জগতৰ সৰ্বাধিক পাৰিশ্ৰমিক লাভ কৰা অভিনেতা-অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে শ্বাহৰুখ খান আৰু দীপিকা পাডুকন। উপাৰ্জনৰ ক্ষেত্ৰত বলীউডৰ সমান্তৰালকৈ দক্ষিণৰ চলচ্চিত্ৰ তাৰকাকো পিছ পেলালে শ্বাহৰুখ-দীপিকাই। ফৰ্বছৰ প্ৰকাশিত তালিকাৰ শীৰ্ষস্থানত নাম জিলিকিল শ্বাহৰুখ-দীপিকাৰ। বলীউডৰ বিখ্যাত যুটিটোৱে পিছ পেলাইছে ভাৰতৰ বহু জনপ্ৰিয় তাৰকাক

২০২৪ৰ সৰ্বাধিক উপাৰ্জনকাৰী তাৰকা শ্বাহৰুখ-দীপিকা। এখন ছবিত শ্বাহৰুখ খানৰ পাৰিশ্ৰমিক ১৫০ ৰ পৰা ২৫০ কোটি টকা। আলিয়া ভাট, কেটৰিণা কাঈফ, ঐশ্বৰ্য ৰায়কো চেৰ পেলালে দীপিকাই। এখন ছবিত দীপিকাৰ পাৰিশ্ৰমিক ১৫ ৰ পৰা ৩০ কোটি টকা।

ইপিনে অভিনেত্ৰীৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে কংগনা ৰানাৱট। এখন ছবিত কংগনাৰ পাৰিশ্ৰমিক ১৫ ৰ পৰা ২৭ কোটি টকা। ১৫ ৰ পৰা ২৫ কোটি টকা লৈ তৃতীয় স্থানত আছে প্ৰিয়ংকা চোপ্ৰাই। ১৫ ৰ পৰা ২০ কোটিৰে চতুৰ্থ স্থানত কেটৰিণা কাইফ।

তালিকাৰ পঞ্চম স্থানত আছে আলিয়া ভাট। এখন চলচ্চিত্ৰৰ বাবে ১০ ৰ পৰা ২০ কোটি টকা লয় আলিয়াই।

ইয়াৰ পিছতে ক্ৰমান্বয়ে নাম আহিছে কৰীণা কাপুৰ, শ্ৰদ্ধা কাপুৰ, বিদ্যা বালানৰ। এখন ছবিত ৮ ৰ পৰা ১৮ কোটি টকা লয় অভিনেত্ৰী কৰীণা কাপুৰে। বিপৰীতে ৭ ৰ পৰা ১৫ কোটি লয় শ্ৰদ্ধা কাপুৰে। বিদ্যা বালানে লয় ৮ ৰ পৰা ১৪ কোটি টকা। আনহাতে ৮ৰ পৰা ১২ কোটি পাৰিশ্ৰমিক লয় অনুষ্কা শৰ্মা আৰু ঐশ্বৰ্য ৰায়ে। বলীউডৰ সমান্তৰালকৈ দক্ষিণৰ তাৰকাসকলকো পিছ পেলাইছে শ্বাহৰুখ খানে। ফৰ্বছৰ তথ্য অনুসৰি, দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰজনীকান্তৰ পাৰিশ্ৰমিক ১৫০ ৰ পৰা ২১০ কোটি। পাৰিশ্ৰমিকৰ ক্ষেত্ৰত পুৰুষৰ শিতানত ২য় স্থানত ৰজনীকান্ত। থালাপতি বিজয়ৰ পাৰিশ্ৰমিক ১৩০ ৰ পৰা ২০০ কোটি টকা। ১০০ ৰ পৰা ২০০ কোটি পাৰিশ্ৰমিক লয় অভিনেতা প্ৰভাসে।

ইপিনে তালিকাৰ শীৰ্ষ ৫ টা স্থানত নাম নাই জনপ্ৰিয় অভিনেতা ছলমান খানৰ। ছলমানে লয় ১০০ ৰ পৰা ১৫০ কোটি টকা।

এখন ছবিত অভিনয়ৰ বিনিময়ত আমিৰ খানে লয় ১০০ ৰ পৰা ১৭৫ কোটি টকা। ইপিনে প্ৰতিখন চিনেমাৰ বিনিমত কমল হাছানৰ পাৰিশ্ৰমিক ১০০ ৰ পৰা ১৫০ কোটি টকা। আনহাতে আল্লু অৰ্জুনৰ পাৰিশ্ৰমিক ১০০ ৰ পৰা ১২৫ কোটি টকা। এখন চলচ্চিত্ৰৰ বাবে মাত্ৰ ৬০ ৰ পৰা ১৪৫ কোটি জনপ্ৰিয় অভিনেতা অক্ষয় কুমাৰে।

সকলো ভাৰতীয় তাৰকাকে পিছ পেলাই সৰ্বাধিক উপাৰ্জনকাৰী তাৰকা হিচাপে চৰ্চা লাভ কৰিছে শ্বাহৰুখ-দীপিকা জুটিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...