নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু নতুনকৈ অহা ৰাজমিস্ত্ৰী জাহাংগীৰৰ প্ৰসংগই বিমোৰত পেলাইছে সুনীল গগৈৰ পৰিয়ালক। প্ৰশ্ন উঠিছে যদি সেয়া সুনীলৰ মৃতদেহ, তেন্তে যোৱা ১৬ দিনে জাহাংগীৰ ক’ত? যদি সেয়া জাহাংগীৰৰ মৃতদেহ তেন্তে সুনীল ক’ত? এই ৰহস্যঘন খেলি-মেলিৰ বাবে বাতিল কৰা হৈছে সুনীল গগৈৰ শ্ৰাদ্ধ। পত্নীয়ে ক্ষোভ প্ৰকাশ কৰি কৈছে- ‘মোৰ স্বামী যদি দোষী, তেওঁক মোৰ চকুৰ সমুখতে গুলীয়াই মাৰক’

এটা হত্যাকাণ্ডৰ ১৬ টা দিন উকলিল
সম্পূৰ্ণৰূপে ক্লু-হীন আৰক্ষী, CID
সুনীল গগৈ নহয় এয়া হেনো আছিল জাহাংগীৰৰ মৃতদেহ, সঁচানে?

প্ৰসংগ আছিল- ঢকুৱাখনাৰ জে জে এমৰ ঠিকাদাৰ সুনীল গগৈক হত্যা কৰিলে কোনে? কিন্তু এই বিষয়ক তল পেলাই একাংশ সংবাদ মাধ্যমত প্ৰকাশ পালে যে সেই মৃতদেহ সুনীল গগৈৰ নাছিলেই। মৃতদেহ আছিল জাহাংগীৰ হুছেইন নামৰ এজন ৰাজমিস্ত্ৰীৰ। জাহাংগীৰে সুনীলৰ সৈতে ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। জলজীৱন মিছনৰ কামৰ চোৱা-চিতা কৰাৰ লগতে সুনীলৰ ঘৰৰ কামো কৰিছিল জাহাংগীৰে। সুনীলৰ ঘৰৰ চৌহদতে অস্থায়ীভাবে সজা এই ঘৰটোতেই থাকি কাম কৰিছিল ধুবুৰীৰ জাহাংগীৰে। যোৱা প্ৰায় এবছৰ ধৰি সুনীলৰ লগতে আছিল জাহাংগীৰ।

সন্দেহৰ মূল ভিত্তি হৈছে এডাল বেল্টৰ টুকুৰা
ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছিল সেই বেল্টৰ টুকুৰাটো
টুকুৰাটো আছিল জাহাংগীৰ হুছেইনৰ
ৰহস্যঘন এই নতুন খবৰে বিমোৰত পেলাইছে সুনীলৰ পৰিয়ালক
মৃতদেহৰ পৰিচয়ক লৈ সৃষ্টি হোৱা ৰহস্যৰ বাবে বাতিল সুনীল গগৈৰ শ্ৰাদ্ধ

ঢকুৱাখনা মহকুমা মহিলা সমিতিয়ে আয়োজন কৰা সুনীল গগৈৰ আদ্যশ্ৰদ্ধৰ কাৰ্যসূচী বাতিল কৰিছে এই ৰহস্যৰ বাবেই। এতিয়া আহোঁ কিছু ফ্লেছবেকলৈ। ৩০ মে’ত জাহাংগীৰক লগত লৈ ধেমাজিৰ পিনে গৈছিল সুনীল। কাম চলি থকা ধেমাজিৰ বুটিকুৰ অঞ্চলত নমাই দিছিল জাহাংগীৰক। তাৰ পাছৰে পৰা জাহাংগীৰৰ কোনো শুংসূত্ৰ নাই।

ঘুনুক ঘানাককৈ কথা ওলাইছে যদি সেয়া জাহাংগীৰৰ মৃতদেহ, সুনীলেহে হত্যা কৰিছে নেকি জাহাংগীৰক। সুনীল গগৈয়ে কোটি টকাৰ বীমা কৰি থোৱা বুলিও ধোঁৱা-কোৱা প্ৰসংগ প্ৰকাশ কৰিছে কোনো কোনো সূত্ৰই। সেইসমূহৰ মাজতে যোৱা ১৬ দিনে স্বামীৰ মৃত্যুৰ খবৰে ভাঙি পেলোৱা সুনীল গগৈৰ পত্নীয়ে ক্ষোভ প্ৰকাশ কৰি কৈছে- ‘মোৰ স্বামীয়ে যদি দোষী, তেওঁক মোৰ চকুৰ সমুখতে গুলীয়াই মাৰক’।

ঘটনাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে। মৃতদেহৰ অৱশিষ্ট ফৰেণছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে হায়দৰাবাদলৈ। তাৰ মানে, এতিয়াও নিশ্চিত নহয়। সেইনিশা উদ্ধাৰ হোৱা মৃতদেহটো সুনীল গগৈৰ হয় নে নহয়। সেয়ে আৰক্ষীৰ বিফলতাৰ বাবেই স্পৰ্শকাতৰ বিষয়টোক গাপ দিয়াৰো চেষ্টা চলোৱাৰ সন্দেহ সুনীলৰ পত্নীৰ।

ইফালে সুনীলৰেই হওক বা জাহাংগীৰৰেই হওক। এতিয়ালৈকে উদ্ধাৰ হোৱা নাই মৃতদেহটোৰ ছিন্ন মুণ্ড। যদি সেয়া সুনীলৰ মৃতদেহ, তেন্তে যোৱা ১৬ দিনে জাহাংগীৰ কত? যদি সেয়া জাহাংগীৰৰ মৃতদেহ তেন্তে সুনীল কত?

এই সকলো ৰহস্যৰ ওৰ পেলাবলৈ, প্ৰথমে লাগিব জাহাংগীৰ আৰু ডি এন এ আৰু মৃতদেহৰ ডি এন ৰ মাজত মিল। লাগিব সমগ্ৰ ঘটনাৰ নিখুঁত ফৰেন্সিক ৰিপৰ্ট। লগতে লাগিব ১৬ দিনে সন্ধানহীন মৃতদেহৰ ছিন্ন মুণ্ডৰ সন্ধান। খৰটকীয়া হ’ব লাগিব আৰক্ষীৰ অনুসন্ধান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...