NCERTৰ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত সাল-সলনি

NCERTৰ দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যক্ৰমত সালসলনি। পাঠ্যক্ৰমৰ পৰা আঁতৰোৱা হ’ল বাবৰি মছজিদ ধ্বংসৰ বিষয়বস্তু। লালকৃষ্ণ আদৱানীৰ ৰথ যাত্ৰাৰ প্ৰসংগও আঁতৰোৱা হ’ল পাঠ্যক্ৰমৰ পৰা। NCERTএ সালসলনি ঘটায় স্কুলীয়া পাঠ্যক্ৰমৰ বিভিন্ন বিষয়। NCERTৰ মতে, ঘৃণা আৰু হিংসা শিক্ষাৰ বিষয়বস্তু নহয়। বিদ্যালয়সমূহে এনেবোৰ বিষয়ত গুৰুত্ব দিয়া উচিত নহয়। NCERTৰ পাঠ্যক্ৰমত এনেবোৰ বিষয় অন্তৰ্ভুক্তিক লৈ সৃষ্টি হৈছিল বিতৰ্কৰ। CBSEৰ অধীনস্থ ৩০ হাজাৰৰো অধিক বিদ্যালয়ত চলে NCERTৰ পাঠ্যক্ৰম। স্কুলীয়া পাঠ্যক্ৰমৰ গেৰুৱাকৰণৰ অভিযোগ অস্বীকাৰ কৰিছে NCERTএ। NCERTৰ সঞ্চালক দীনেশ প্ৰসাদ চাকলানিৰ মতে এয়া পাঠ্যক্ৰমৰ নিয়মীয়া সংশোধন।

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি

অৱশেষত আৰক্ষীয়ে বিচাৰি পালে চুমি বৰাৰ হীৰাৰ আঙুঠি। আঙুঠিটোৰ...

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ

মহানগৰীৰ ৰাণীত শতাধিক লোকৰ প্ৰতিবাদ। ৰাণী ব্লক স্থানান্তৰ কৰাক...

ধিঙত আকৌ ধৰ্ষণৰ ঘটনা সংঘটিত হ’ল

ধিঙত ইমান ধৰ্ষণকাৰী ক’ৰপৰা আহিল? শেহতীয়া ঘটনাটো মনত আছেনে?...