নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত ৮ মাওবাদী

ছত্তিশগড়ত মাওবাদী-নিৰাপত্তাৰক্ষীৰ তুমুল সংঘৰ্ষ। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত নিহত হৈছে ৮ মাওবাদী। সংঘৰ্ষত নিহত হৈছে এজন নিৰাপত্তাৰক্ষী জোৱানো। ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত সংঘটিত হৈছে এই ঘটনা। মাওবাদীৰ গুলীত আহত হৈছে দুজনকৈ নিৰাপত্তাৰক্ষী জোৱান। যোৱা ১২ জুনৰ পৰা অঞ্চলটোত মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই আছিল নিৰাপত্তাৰক্ষীয়ে। বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গুলী-বাৰুদ জব্দ কৰিছে নিৰাপত্তাৰক্ষীয়ে। চলিত বৰ্ষটোতে ছত্তিশগড়ত সংঘৰ্ষত নিহত হৈছে ১৩১ টা মাওবাদী।১০ নিৰাপত্তাৰক্ষীসহ ২২জন সাধাৰণ লোক নিহত হৈছে এই বছৰটোত।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...