সোণাক্ষী-ইকবালৰ বিবাহ, নিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞা

সমাগত সোণাক্ষী সিনহা-জাহিৰ ইকবালৰ বিবাহ
২৩ জুনত বিবাহত বহিব দীৰ্ঘদিনীয়া প্ৰেমিক যুগল
সম্প্ৰতি ভাইৰেল হৈছে তাৰকাদ্বয়ৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰ
নিমন্ত্ৰণী পত্ৰত সন্নিৱিষ্ট কৰা হৈছে কিছুমান নিষেধাজ্ঞা
বিয়াত অতিথিয়ে পিন্ধিব নোৱাৰিব ৰঙা বৰণৰ কাপোৰ

নিমন্ত্ৰণী পত্ৰখনৰ প্ৰচ্ছদতে স্পষ্টকৈ লিখা আছে এই কথা। কভাৰত আছে সোণাক্ষী জাহিৰৰ অন্তৰংগ ফটো। লিখা আছে, ‘The Rumours Were True’। নিমন্ত্ৰণী পত্ৰখনত উল্লেখ আছে বিশেষ দিনটোৰ অতিথিসকলৰ বাবে ‘ড্ৰেছ কোড’ৰ কথা। উৎসৱৰ দিনটোত ‘আনুষ্ঠানিক’ সাজ-পাৰ পৰিধান কৰিবলৈ কোৱা হৈছে আমন্ত্ৰিত অতিথিক। সেই সাজ-পাৰৰ বৰণ হব নোৱাৰিব ৰঙা।

বিশেষ দিনটোত কেৱল কইনাকহে দেখা যাব ৰঙা পোছাকত
শিল্পা ছেট্টীৰ ৰেষ্টুৰেণ্টত সম্পন্ন হ’ব সোণাক্ষী-জাহিৰৰ বিবাহ অনুষ্ঠান
২৩ জুনৰ নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব বিবাহ অনুষ্ঠান

নিমন্ত্ৰণী পত্ৰখনত আছে এটা বিশেষ QR CODE। CODE স্কেন কৰিহে বিবাহথলীত প্ৰৱেশ কৰিব পাৰিব অতিথিয়ে। প্ৰায় সাত বছৰে প্ৰেমৰ বান্ধোনেৰে বান্ধ খাই আছিল সোণাক্ষী-জাহিৰ। সাত বছৰীয়া মৰম, হাঁহি, আনন্দ, ৰোমাঞ্চৰ অন্তত বিবাহৰ পৰ্যায়ত উপনীত হৈছে দুয়ো। এসময়ত দুয়োৰে সম্পৰ্কৰ বিষয়ে উৰাবাতৰি চলিছিল বলীউডত। সম্প্ৰতি সঁচাৰ ৰূপ পালে সেই ‘উৰাবাতৰি’য়ে। স্বামী-স্ত্ৰী বান্ধোনেৰে বান্ধ খাবলৈ ওলাইছে দুয়ো। জনপ্ৰিয় অভিনেতাদ্বয়ৰ শুভক্ষণত দুয়োকে শুভেচ্ছা জনাইছে অগণন অনুৰাগীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমলৈ আহিব ক’কৰোছ জনতা পাৰ্টি (CJP)ৰ কেন্দ্ৰীয় নেতৃত্ব; অসমত অনুষ্ঠিত হ’ব দলটোৰ প্ৰথমখন স্বেচ্ছাসেৱক মীট

অসমত সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে অসমলৈ আহিব ক’কৰোছ...

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...