মুষলধাৰ বৃষ্টিৰ ফলত বান-ভূস্খলনত জৰ্জৰিত ছিকিম

ছিকিমত আকৌ প্ৰকৃতিৰ তাণ্ডৱ
মুষলধাৰ বৃষ্টিৰ ফলত বান-ভূস্খলনত জৰ্জৰিত ছিকিম
ভয়ংকৰ ৰূপ লৈছে ওফন্দি উঠা তিস্তা নৈয়ে
জলপৃষ্ঠ বৃদ্ধি পাইছে সোণকোষ, ডাইনা, তৰ্ছা আদি নৈৰ জলপৃষ্ঠ
বিপৰ্যস্ত উত্তৰ ছিকিমৰে যোগাযোগ বিচ্ছিন্ন
বান-ভূস্খলনত ৩জন লোকৰ মৃত্যু, সন্ধানহীন কেইবাজনো


পুনৰ প্ৰচণ্ড বৰষুণে হাহাকাৰ সৃষ্টি কৰিছে উত্তৰ ছিকিমত। যোৱা দুদিন ধৰি হোৱা মুষলধাৰ বৃষ্টিত প্ৰলয়ৰ সৃষ্টি হৈছে ৰাজ্যখনত। অবিৰাম বৃষ্টিৰ ফলত বহু স্থানত সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনৰ ফলত বিভিন্ন স্থানত পথ যোগাযোগ ব্যাহত হৈ পৰিছে। ভূমিস্খলনে বিভিন্ন স্থানত পুতি পেলাইছে ঘৰ–দুৱাৰ, গাড়ী আদি। ভূমিস্খলনৰ ফলত উত্তৰ ছিকিম সংযোগী পথ ছিগি যোৱাত সমগ্ৰ অঞ্চলটোলৈ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।

শেহতীয়া প্ৰলয়ত বিধ্বস্ত হৈছে উত্তৰ ছিকিমৰ মংগন জিলা
ক্ষতিগ্ৰস্ত হৈছে পশ্চিমবংগৰ কালিম্পং জিলা
দক্ষিণ ছিকিমৰ মাজুৱা গাঁৱৰ ৩ জন লোক নিহত ভূস্খলনত
কেইবাখনো গাঁও বিধ্বস্ত হৈছে ভূমিস্খলনৰ ফলত
গেংটক–কালিম্পং সংযোগী ১০ নং ৰাষ্ট্ৰীয় ঘাইপথেদিও যাতায়াত বিচ্ছিন্ন


অহৰহ হৈ থকা বৰষুণৰ ফলত ফেনেফোটোকাৰে ওফন্দি উঠিছে ছিকিমৰ জীৱনৰেখা হিচাপে চিহ্নিত তিস্তা নৈ। তিস্তাৰ বানত ডুব গৈছে নামনি ছিকিমৰ বিস্তীৰ্ণ এলেকা।

ক্ষতিগ্ৰস্ত হৈছে তিস্তা বজাৰ
তিস্তা বজাৰত ভালেসংখ্যক গাড়ী পোত গ’ল বান-ভূস্খলনত
পেছক হৈ দাৰ্জিলিং সংযোগী পথতো বিচ্ছিন্ন যোগাযোগ
মেলিত থকা ষ্টেডিয়ামো পানীৰ তলত


যোৱা বছৰ অক্টোবৰত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত ছিকিমত প্ৰাণ হেৰুৱাইছিল শতাধিক লোকে। বৰষুণে সৃষ্টি কৰা শেহতীয়া বান পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে নামনিত থকা বংগৰ জনসাধাৰণো। অহা কেইদিনত বতৰ বিজ্ঞান বিভাগে প্ৰৱল বৃষ্টিপাতৰ আগজাননী দিয়াত সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা কৰা গৈছে।

NKTV Digital
Author: NKTV Digital

7 COMMENTS

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...