প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকা

প্ৰথম সন্তানক আদৰিবলৈ সাজু বলীউডৰ ছুপাৰষ্টাৰ ৰণবীৰ-দীপিকা
নতুন পৰিচয়ৰ অপেক্ষাত জনপ্ৰিয় তাৰকাদ্বয়

সামাজিক মাধ্যমত নিঃসংকোচে আন্তৰিক মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে দীপিকা পাডুকন, ৰণবীৰ সিঙে। ছচিয়েল মিডিয়াত প্ৰায়ে দেখা যায় ৰণবীৰ-দীপিকাৰ মৰমৰ যুগলবন্ধী। সম্প্ৰতি জীৱনৰ এটা বিশেষ মুহূৰ্তক আদৰিবলৈ আগবাঢ়িছে এই জনপ্ৰিয় তাৰকা দম্পতি। সম্প্ৰতি দুয়োৰে প্ৰায়বোৰ ফটোৱে বিশেষ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।

প্ৰায়ে ফটোগ্ৰাফাৰৰ কেমেৰাত বন্দী হৈছে মাতৃসম্ভৱা দীপিকা
চৰ্চালৈ আহিছে দীপিকা পাডুকনে পৰিধান কৰা কাপোৰ
দীপিকাৰ গাৰ বৰণক লৈয়ো চৰ্চা নেটিজেনৰ

বলীউডৰ অন্যতম ধুনীয়া দম্পতী হিচাপে পৰিচিত দীপিকা-ৰণবীৰ। প্ৰথমে প্ৰেম, তাৰ পাছত বিবাহ আৰু এতিয়া সন্তানৰ বাবে অপেক্ষা কৰিছে বাজিৰাও-মস্তানীয়ে। শেষবাৰৰ বাবে বলীউডৰ ফাইটাৰ ছবিখনত দেখা গৈছিল মস্তানীখ্যাত দীপিকাক।

সম্প্ৰতি মুক্তিৰ পথত দীপিকাৰ আগন্তুক ছবি ‘কল্কী 2898 খ্ৰীষ্টাব্দ’
সমান্তৰালকৈ ৰোহিত শ্বেট্টীৰ ‘সিংহম এগেইন’তো দেখা যাব দীপিকাক
আনহাতে, ‘DON 3’ত ডনৰ চৰিত্ৰত দেখা যাব ৰণবীৰক

এফালে ছবি আনফালে সন্তান। দুয়োটাৰ আগমনে যেন উৎফুল্লিত কৰি ৰাখিছে ৰণবীৰ সিং-দীপিকা পাডুকনক।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...