আজি পাৰ্বতিপ্ৰসাদৰ দিন, আজি গীতি কবিৰ স্মৃতিৰ পাপৰি বুটলাৰ দিন

পাৰ্বতিপ্ৰসাদ। অসমীয়া গীতি সাহিত্যৰ এটি যুগজয়ী নাম। নতুন প্ৰজন্মৰ বাবে এই নাম চিনাকি কৰাত কোন কিমান সফল সেয়া সকলোৰে বিচাৰ্য। কিন্তু পাৰ্ৱতিপ্ৰসাদ বৰুৱাৰ কীৰ্তিৰ মাধুৰী চিৰকাল মহীয়ান হ’ব। আজি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস। সোণাৰিত কৰা হ’ল আয়োজন। প্ৰতিবেদনৰ যোগেদি গীতি কবিলৈ আমাৰো সশ্ৰদ্ধ স্মৰণ।

‘হৰিণীৰ চকুতে পানী বিৰিঙিলে’ আকুল তেওঁৰ কলম
‘লুইতৰ চাপৰিত’ বালিত ভাত ৰান্ধি খোৱা নাৱৰীয়াৰ কথাও নখ দৰ্পণত
‘প্ৰেমৰ ভোগজৰা’ৰ অজলা কথাৰেও বুকুতে সাজিলে ঘৰ
গৰখীয়াই বজোৱা সুৰক প্ৰশ্ন তুলি
গীতেৰে কথাৰে তেওঁ অজৰ অমৰ
আজি পাৰ্বতিপ্ৰসাদৰ দিন। আজি গীতি কবিৰ স্মৃতিৰ পাপৰি বুটলাৰ দিন। সেউজী পাৰৰ নিৰলা ঘৰটোৰ দৰেই শান্ত হৈ আছে এই সোণালী পাম।
জিলা এতিয়াৰ চৰাইদেউ, তাহানিৰ শিৱসাগৰৰ এই ঘৰটোৰ ডাকতে আহিছিল পাৰ্বতিপ্ৰসাদ বৰুৱালৈ খবৰ। সকলো একেই আছে, এৰি যোৱা হাৰমনিয়ামটো, পঢ়াৰ মেজখন। অকলে ৰ’ল এই বিশেষ চকী। চকীখনত ভেঁজা দি থিয় হৈ আছে এসময়ত গীতিকবিৰ সাৰথি লাখুটিডাল। নিৰলে পৰি ৰৈছে শোৱনি কোঠা।

সোণাৰিৰ সোণালী পামৰ পৰাই কত’ যুগজয়ী গীতৰ আৰম্ভ। সেই সোণালী পাম নিস্তব্ধ। ১৯৬৪ৰ ৭ জুনত এই সোণালী পাম এৰি অনন্ত ধামলৈ গুছি গ’ল পাৰ্বতি প্ৰসাদ। সেই ঘৰখনৰ পৰিচাৰিকা হিচাপে থকা চানমনি গোৱালাই সযত্নে ৰাখিছে এই সকলোবোৰ। গীতিকবিয়ে চানমনি বুলি মতা মহিলাগৰাকীয়ে সুঁৱৰিলে গীতিকবিৰ স্মৃতি।

কেৱল গীত কবিতাই নহয়।
৪ৰ্থখন অসমীয়া ছবি ‘ৰূপহী’ৰো নিৰ্মাতা তেওঁ
আজি গীতিকবিগৰাকীক কৰা হৈছে সশ্ৰদ্ধ স্মৰণ সোণাৰিত। পুৱাতেই গীতিকবিৰ স্মৃতিসৌধত গন্ধ পুষ্পৰে সেৱা নিবেদিলে সোণাৰিবাসীয়ে। সমাধিক্ষেত্ৰত এইদৰে জনালে শ্ৰদ্ধা।
আয়োজন গীতিকবিৰ স্মৃতি দিৱসৰ। উদযাপন চামিল শিক্ষাৰ্থীও। সাহিত্য সভাই উদ্যোগ লোৱা অনুষ্ঠানৰ বিষয়ে ক’লে উদ্যোক্তাই।

পাৰ্বতিপ্ৰসাদ মানেই প্রশান্তিৰ এটি গান
আকুলতাৰ এটি নাম
অসমীয়া সমাজ জীৱনলৈ পাৰ্বতিপ্ৰসাদৰ অৱদানৰ কথা উত্তৰ প্ৰজন্মৰ ওচৰলৈও যোৱাটো নিশ্চয় প্ৰয়োজনীয়।
অসমক সোণৰ অসম বুলি কিয় ক’ব নোখোজে সেই যুক্তিও জনা উচিত প্ৰতি অসমীয়াই। মেলানি মাগা ৬ টা দশক পাৰ হ’ল। খুব অনাড়ম্বৰতাৰে পাৰ হৈছে দিনটো। অসম অসমীয়াক গীতেৰে, কথাৰে, বোধেৰে সমৃদ্ধ কৰা অসমীয়াজনক আমি দিছোঁ নে প্ৰাপ্য মৰ্যাদা?
সোণালী পামৰ নিগাজী ঘৰৰ প্ৰতিখন দেৱাল, প্ৰতিটো কোঠাই যেন সুধিব একেটাই কথা।
‘বিদায় পৰত উচুপি যি কথা ক’লা’
‘জানোচা পাহৰি গ’লা…’

NKTV Digital
Author: NKTV Digital

3 COMMENTS

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...