দক্ষিণ কামৰূপৰ আমত’লাত সংঘটিত হৈছে মানৱতাক ভূ-লুণ্ঠিত কৰা ঘটনা। গাঁতৰ পৰা উদ্ধাৰ কৰা হ’ল মৃত নৱজাতক। অবিবাহিত যুৱতীয়ে পিতৃৰ সৈতে মিলি নৱজাতকক পুতি থোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰতিবেশীয়ে দেখা পাই খবৰ দিয়ে গাঁৱৰ ৰাইজক। গাঁওবাসীয়ে জেৰা কৰাত পিতৃ-কন্যাই প্ৰথমে অস্বীকাৰ কৰে ঘটনাটো। গাঁওবুঢ়াই ঘটনা সন্দৰ্ভত অৱগত কৰে আৰক্ষীক। তাৰ পিছতেই ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত অভিযান। কুকুৰমাৰা আৰক্ষীৰ সহযোগত পুখুৰীপাৰৰ পৰা উদ্ধাৰ কৰা হয় মৃত নৱজাতকটি। অধিক তথ্যৰ বাবে আৰক্ষীয়ে পিতৃ-কন্যাক জেৰা অব্যাহত ৰাখিছে।
Can you be more specific about the content of your article? After reading it, I still have some doubts. Hope you can help me.
Can you be more specific about the content of your article? After reading it, I still have some doubts. Hope you can help me.
I don’t think the title of your article matches the content lol. Just kidding, mainly because I had some doubts after reading the article.