কংগ্ৰেছ শূন্য ধাৰণাক নস্যাৎ কৰি উজনিত প্ৰাসংগিক হাত

ব্যাপক প্ৰত্যাহ্বানৰ পাছতো যোৰহাটত বিজয়ৰ হাঁহি মাৰিলে গৌৰৱ গগৈয়ে। বিজেপি প্ৰাৰ্থী তপন গগৈৰ নিজৰ সমষ্টি সোণাৰিতেই ১০ সহস্ৰাধিক ভোট পালে গৌৰৱে। মাজুলীত অৱশ্যে গৌৰৱতকৈ আগবাঢ়িল তপন গগৈ। ফলাফল ঘোষণাৰ পাছতেই মাজুলীলৈ ৰাওনা গৌৰৱ। গৌৰৱক আদৰণি জনাবলৈ ওলাই আহিল সত্ৰনগৰীৰ ৰাইজ। সকলোৱে ধাৰণা কৰিছে এতিয়াৰে পৰা সলনি হব উজনিৰ ৰাজনীতি। সলনি হ’ব ‘২৬ৰ ৰাজনৈতিক দৃশ্যপট।

গৌৰৱৰ যোৰহাট জয়ে সলনি কৰিব উজনিৰ ৰাজনীতি!
কংগ্ৰেছ শূন্য ধাৰণাক নস্যাৎ কৰি উজনিত প্ৰাসংগিক হাত
মাজুলীলৈ ওলাল গৌৰৱ, আনন্দত আত্মহাৰা সত্ৰনগৰী

মই বৰ মনোভাৱ, দম্ভালি, ওফাইদাং মাৰি কথা কোৱা নেতাক মুখঠেকেচা দি যোৰহাটবাসীয়ে ই ভি এম যোগে দিলে উত্তৰ। বিজেপিয়ে বিজয়েৰে অভিলেখ ৰচনা কৰিম বুলি দাবী কৰা যোৰহাটত বিজয়ধ্বজা উৰুৱালে কংগ্ৰেছে।

সমষ্টি, আসনৰ সমানে
এয়া কংগ্ৰেছৰ নৈতিক জয়
কাৰণ দিছপুৰ উবুৰি খাই পৰিছিল যোৰহাটত। যোৰহাটত গৌৰৱে প্ৰমাণ কৰি দিলে একাংশ বিজেপি নেতা কেৱল কথাচহকী। এতিয়া পুৰণি কথাবোৰ মনত পেলাইছে সকলোৱে। কংগ্ৰেছৰ পৰা গৈ গেৰুৱা হোৱা বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কৈছিল।

‘গৌৰৱ গগৈ হাৰিব, মই বাওঁহাতেৰে লিখি দিম’

ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নি সমষ্টিত গৌৰৱ গগৈয়ে তপন গগৈতকৈ ১৬,৭৮৫টা ভোট বেছি পালে। আনটো বাদেই যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিজেপি প্ৰাৰ্থী তপন গগৈৰ নিজৰ সমষ্টি সোণাৰিতেই তপনতকৈ বেছি ভোট পালে গৌৰৱে। ১০,৩৩৪টা ভোটত পিছ পৰি থাকিল তপন গগৈ। বিধানসভা সমষ্টি হিচাপে মাজুলীত তপন গগৈতকৈ ৬,৫৮৬ ভোটত পিছ পৰিল গৌৰৱ গগৈ। যোৰহাটত জয়ী হোৱাৰ পাছতেই গৌৰৱ ৰাওনা মাজুলীলৈ। মাজুলীত গৌৰৱক ঢোলে-দগৰে আদৰণি। ওলাই আহিল সত্ৰনগৰীৰ জনতা। নাচি নাচি গৌৰৱ মাজুলীলৈ। নাচি বাগিয়েই আদৰণি মাজুলীবাসীৰ। ডিব্ৰুগড়ৰ বিজেপি প্ৰাৰ্থী, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা মাজুলীত গৌৰৱৰ আগমনক লৈ আনন্দৰ বন্যা।

যোৰহাটত গৌৰৱৰ জয়। সমৰ্থন কৰি নেতৃত্বৰ ৰোষত পৰিছে বিধায়ক মৃণাল শইকীয়া। মৃণাল শইকীয়াই প্ৰথমে কৈছিল, জয়ন্ত মল্লেই যতেই প্ৰচাৰ চলাই তাতেই ভোট কমে। যোৰহাটত সেই কথা প্ৰমাণ হৈ গল। জয়ন্ত মল্লই প্ৰচাৰ চলোৱা অধিকাংশ সমষ্টিতেই ভোট কমিল বিজেপিৰ। জয়ন্ত মল্লৰ উপস্থিতিত যোগদান সভা ঠিকেই হ’ল
কিন্তু ই ভি এমত ভোটহে যোগ নহ’ল। পৰিণতিত কংগ্ৰেছ সমৰ্থকৰ নাচ।

পীযূষ হাজৰিকায়ো বাহৰ পাতি লৈছিল যোৰহাটত। কিন্তু সফল নহল। যোৰহাটৰ জনতাই এটা কথা প্ৰমাণ কৰি দিলে।
লাখৰ ঘৰত মানুহ আনি সভা পাতিলেই জয়ী নহয় প্ৰাৰ্থী। ৰাইজে যি বিচাৰে সেয়াই হয়। প্ৰাসংগিক কংগ্ৰেছ। যোৰহাট জয়ৰ পাছত হয়তো সলনি হ’ব উজনিৰ ৰাজনৈতিক সমীকৰণ। সলনি হ’ব ‘২৬ৰ পূৰ্বে অসমৰ ৰাজনৈতিক দৃশ্যপট।

NKTV Digital
Author: NKTV Digital

2 COMMENTS

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...