কাৰগাৰত নিজৰ অধিবক্তাৰ আগত কি ব্যক্ত কৰিলে অমৃতপালে?

কাৰাগাৰৰ কপাট ভাঙি সংসদলৈ এজন নেতা
নিৰ্দলীয় হিচাপে জয়লাভ বিচ্ছিন্নতাবাদী খালিস্তানী অমৃতপাল সিঙৰ

২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কাৰাগাৰত আছে অমৃতপাল। অমৃতপালসহ ৯জন খালিস্তানী বন্দী হৈ আছে ডিব্ৰুগড় কাৰাগাৰত। ডিব্ৰুগড়ৰ কাৰাগাৰত থাকিয়েই নিৰ্বাচনত জয়ী হল অমৃতপাল সিং। আজি দিনৰ ভাগতে অমৃতপাল সিঙক সক্ষাত্কৰে তেওঁৰ অধিবক্তা তথা প্ৰাক্তন লোকসভাৰ সদস্য ৰাজদ্বীপ খালছাই।
কাৰগাৰত নিজৰ অধিবক্তাৰ আগত কি ব্যক্ত কৰিলে অমৃতপালে?

উল্লেখ্য যে পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা জয়ী হৈছে অমৃতপাল।
অমৃতপাল সিঙে লাভ কৰিলে ৪,০৪, ৪৪৩টা ভোট
অমৃতপাল জয়ৰ ব্যৱধান ১,৯৭,১২০ টা ভোট
চৰকাৰে অমৃতপালক মুক্তি দিবলৈ বাধ্য বুলি ব্যক্ত কৰিলে অধিবক্তাই।

অধিবক্তাই ব্যক্ত কৰিলে আৰু কিছু কথা।
কিয় গ্ৰেপ্তাৰ কৰা হৈছিল অমৃতপালক?
‘পঞ্জাৱত অমৃত সঞ্চাৰ কৰিছিল অমৃতে’
‘নিচামুক্ত কৰিবলৈ ৰাজ্য, অমৃতে কৰিছিল অহোপুৰুষাৰ্থ’
‘অনৈতিকভাৱে বন্দী কৰা হ’ল অমৃতক’
‘অমৃতক মুকলিৰ দাবী পঞ্জাৱৰ শিখ সমাজৰ’

কাৰাগাৰত থাকিয়েই বৃহত ব্যৱধানত নজীৰ দাঙি ধৰা অমৃতপালৰ এই জয়ে বহু দিশ ব্যক্ত কৰিলে। আন এক অন্যতম উদাহৰণ হ’ল এইবাৰৰ সাধাৰণ নিৰ্বাচনত সলনি হোৱা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ। অমৃতপালৰ পৰিয়ালৰ লোকো ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা। কিমান দিনলৈ কাৰাগাৰত থাকিব অমৃতপাল সেই লৈ চৰ্চা পাঞ্জাৱৰ শিখ সমাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...