প্ৰেমিক অৰ্জুন কাপুৰেৰে বিচ্ছেদ মালাইকাৰ

বেয়া দিন চলিছে অভিনেত্ৰী মালাইকা অৰোৰাৰ

মালাইকাৰে বিচ্ছেদৰ পাছতে দ্বিতীয় বিবাহত আৱদ্ধ হ’ল স্বামী আৰবাজ খান। বিবাহ বিচ্ছেদৰ ৭ বছৰৰ পাছত দ্বিতীয় বিবাহত আৱদ্ধ হল আৰবাজ খান। এইবাৰ প্ৰেমিক অৰ্জুন কাপুৰেও এৰিলে মালাইকা অৰোৰাক। সম্প্ৰতি আন এগৰাকী যুৱতীৰে প্ৰেমৰ সম্পৰ্ক অৰ্জুন কাপুৰৰ। অৰ্জুন-মলাইকাৰ একাধিক ঘনিষ্ঠ সূত্ৰই সংবাদ মাধ্যমক জনাইছে দুয়োৰে বিচ্ছেদৰ খবৰ।

বুজাবুজিৰ মাজেৰেই বিচ্ছেদৰ পথ বাছি লৈছে দুয়ো
সন্মান সহকাৰে আঁতৰি আহিছে ইজনে-আনজনৰ পৰা

দীৰ্ঘদিনে প্ৰেমৰ সম্পৰ্কৰে বান্ধ খাই আছিল মালাইকা অৰোৰা-অৰ্জুন কাপুৰ। দুয়োৰে ঘনিষ্ঠ সূত্ৰৰ মতে যথেষ্ট ভাল আছিল মলাইকা-অৰ্জুনৰ সম্পৰ্ক। সম্পৰ্ক বিচ্ছিন্ন হলেও শেষ নহ’ব দুয়োৰে মাজৰ আন্তৰিকতা। ভৱিষ্যতৰ কথা ভাৱি বুজাবুজিৰ মাজেৰেই বিচ্ছেদৰ পথ বাছি লৈছে দুয়ো।

কিন্তু এই বিচ্ছেদ সম্পৰ্কে মুখ নুখুলে মালাইকা অথবা অৰ্জুনে

পৰস্পৰৰ সন্মানৰ খাতিৰতে মনে-মনে থাকিব বিচাৰে দুয়ো। বিচ্ছেদৰ পাছতো কোনোধৰণৰ তিক্ততা গঢ়ি উঠা নাই অৰ্জুন-মালাইকাৰ মাজত। প্ৰয়োজনত সন্মান সহকাৰে থিয় দিছে ইজনে-আনজনৰ কাষত। দুয়োৰে বিচ্ছেদৰ বিষয়টো লৈ কোনোধৰণৰ তাচ্ছিল্য নিবিচাৰে অৰ্জুন অথবা মালাইকাই।

দীৰ্ঘদিনীয়া সম্পৰ্কৰ সফল সামৰনি ঘটাই সম্প্ৰতি দুয়ো ব্যস্ত নিজ-নিজ কৰ্মক্ষেত্ৰত।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...