হাতত উদ্যত AK 47 লৈ সামাজিক মাধ্যমত বীৰত্ব প্ৰদৰ্শন

নৃশংস সন্ত্ৰাসবাদীৰ দৰেই উন্মাদ আচৰণ
বিজেপি নেত্ৰীৰ পুত্ৰৰ কাণ্ডত স্তম্ভিত ৰাজ্য

সামাজিক মাধ্যমত এই প’ষ্ট ভাইৰেল হোৱাৰ পিছতে সকলো দম্ভালি হ’ল চূৰ্ণ বিচূৰ্ণ। বিজেপি নেত্ৰীৰ উদণ্ড পুত্ৰ সোমাল ৰঙাঘৰত। হাতত AK 47 লৈ হুংকাৰ দিয়া এইটো উদণ্ডৰ নাম ৰিয়াজ হুছেইন। হোজাইৰ বিজেপি সংখ্যালঘু মৰ্চাৰ নেত্ৰী নীলিমা খাতুনৰ পুত্ৰ ৰিয়াজ। মাতৃ শাসকীয় দলৰ নেত্ৰী হোৱাৰ সুবাদতে যেন গুৰু গোসাই নমনা হৈছিল ৰিয়াজ হুছেইনে। দেশৰ আইনী ব্যৱস্থাক চৰম ভ্ৰুকূটি কৰি ৰিয়াজে উদ্যত মাৰণাস্ত্ৰলৈ সামাজিক মাধ্যমত প্ৰদৰ্শন কৰিলিছ বীৰত্ব। কেবল সামাজিক মাধ্যমত ভিডিঅ’ আপলোড কৰাই নহয় ৰিয়াজৰ বিৰুদ্ধে আছে আন কেইবাটাও গুৰুতৰ অভিযোগ। ড্ৰাগছৰ বেহাৰেও আছে হেনো ৰিয়াজৰ সম্পৰ্ক। মাতৃৰ প্ৰভাৱ খটুৱাই ৰিয়াজে ড্ৰাগছ সৰবৰাহকাৰী অথবা আশক্তক কৰে মৰেল পুলিচিং। পাছত ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা ড্ৰাগছ নিজেই সেৱন কৰে ৰিয়াজে। ইফালে ৰিয়াজ হুছেইনৰ বিৰুদ্ধে আছে অবৈধ অস্ত্ৰ সৰবৰাহত জৰিতৰো অভিযোগ। কিন্তু AK 47 লৈ সামাজিক মাধ্যমত প’ষ্ট দিয়াৰ পিছত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাত পলাতক অৱস্থাত আছিল ৰিয়াজ। হোজাইৰ পৰা পলায়ন কৰি গুৱাহাটীৰ হাতীগাঁৱৰ এটা ফ্লেটত আত্মগোপন কৰি আছিল উদণ্ড ৰিয়াজে। অৱশেষত গোপন সূত্ৰৰ পম খেদি হোজাইৰ ASP পল্লৱ তামুলীৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় সামাজিকমাধ্যতম সন্ত্ৰাস সৃষ্টিকাৰী ৰিয়াজ হুছেইনক। মাতৃ বিজেপিনেত্ৰী হোৱাৰ সুযোগ লৈ চূৰান্ত অতপালী কৰা ৰিয়াজৰ বৰ্তমান ঠিকনা ৰঙাঘৰৰ অন্ধকাৰী কুঠৰী।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...