বানত বুৰিছে ব্ৰহ্মপুত্ৰ-বৰাক

ওফন্দি উঠিছে ব্ৰহ্মপুত্ৰ বৰাক
সংহাৰী ৰূপ লৈছে নৈ-উপনৈৰ জলাধাৰাই
প্ৰান্তে প্ৰান্তে ছিঙিছে মথাউৰি,
ঠায়ে ঠায়ে খহিছে গঢ়া
জন হানি, ধন হানি- জনতাৰ হাহাকাৰ


পাৰাপাৰহীন পানীৰ এই দৃশ্য অসমৰ বিভিন্ন প্ৰান্তৰ। চতুৰ্দিশে পানী আৰু পানী। সততে ভৰ বাৰিষাৰ সময়তহে দেখিবলৈ পোৱা বানৰ এই প্ৰকোপ আগ বাৰিষাতে আহি পালে। সকলো ডুবিছে আগ বাৰিষাৰ প্ৰথমটো বানত।

মেঘালয়ত পানীৰ ভৰ সহিব নোৱাৰি কাৰ্বি লাংপি বা খং দং গেটসমূহ খুলি দিয়াৰ পাছতে কপিলীয়ে লৈছে এই ৰূপ। বিপদ সীমাৰ ওপৰেদি বৈছে ভৰা কপিলী।
হোজাই ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত। যিখন বিদ্যালয়ত আশ্ৰয় ল’বলৈ গৈছিল গঞা তাতো এতিয়া একাঁঠু পানী। জনতাৰ এতিয়া যাতনা।

কপিলীৰ পানীয়ে অঘটন ঘটালে পশ্চিম কাৰ্বি আংলং জিলাতো। সাতগাঁও অঞ্চলৰ নতুন গেলানী বস্তিত মাজৰাতি প্ৰায় ২ বজাত বৃদ্ধি পাইছিল কপিলীৰ পানী। প্ৰয়োজনীয় সা–সামগ্ৰী কঢ়িয়াই যাবলৈ ওলাওতেই পানীত উটি গ’ল ৰবীন তেৰাং নামৰ এজন যুৱক। SDRF বাহিনীয়ে চলাইছে অবিৰত অভিযান।

ৰহাত বাঢ়িছে বৰপানী নৈৰ প্ৰকোপ। মাগুৰগাঁও পঞ্চায়তৰ বিস্তীৰ্ণ এলেকাৰ খেতি পথাৰ নষ্ট কৰি বানে চলাইছে তাণ্ডৱ। বহু সংখ্যক বানত আক্ৰান্তই নাৱেৰে নিৰাপদ স্থানলৈ গতি কৰিছে। কিন্তু বানৰ ফলত অভাৱ ঘটিছে পশুধনৰো খাদ্যৰ। কপিলী, বৰপানী, কলঙৰ বৰ্ধিত জলপৃষ্ঠই ভাবুকি কঢ়িয়াইছে ন ন অঞ্চললৈ।

মুষলধাৰ বৰষুণৰ ফলত কপিলীৰ বাঢ়নী পানীয়ে হোজাই জিলাৰ আন প্ৰান্তৰ সমান্তৰালকৈ যমুনামুখতো কেইবাখনো গাঁও বুৰাই পেলাইছে ৷ বিভিন্ন গাঁৱত হোৰাহোৰে পানী সোমাবলৈ আৰম্ভ কৰিছে৷ বহু লোকে নিৰাপদ স্থান বিচাৰি ওখ ঠাইলৈ গমন কৰিছে৷ মানুহৰ সমান্তৰালকৈ পশুধনো ওখ নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে ৷ হঠাতে পানী সোমোৱাৰ বাবে গাঁও কেইখনৰ লোকৰ মাজত হাহাকাৰ। বহুসময়লৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

বৰাকৰ বাঢ়নী পানীয়ে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ উপত্যকাত। অকস্মাৎ জলপ্ৰলয়ত প্লাৱিত বহু শিক্ষানুষ্ঠান। দৃশ্য এয়া ৪৩৪ নং ৰতনপুৰ প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয়ৰ নথি পত্ৰ উদ্ধাৰত নামিছে প্ৰধান শিক্ষক।
একে পৰিৱেশ ৰুপাছৰাৰ কালিন্দী প্ৰাথমিক বিদ্যালয়ত। একে উদ্ধাৰ অভিযানত নামিল এই বিদ্যালয়ৰো প্ৰধান শিক্ষক।

বানৰ বিষম পৰিস্থিতি বুজ ল’বলৈ বৃহস্পতিবাৰেই বৰাকত উপস্থিত মন্ত্ৰী পিযুষ হাজৰীকা। বৃহস্পতিবাৰে কৰিমগঞ্জ, হাইলাকান্দিৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ পাছত আজি কাছাৰৰ বিভিন্ন স্থানত মন্ত্ৰী পিযুষ হাজৰিকা। পুৱাৰে পৰা বানপীড়িতৰ সৈতে মত বিনিময়ৰ লগতে মথাউৰি পৰিদৰ্শন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰীজনে। বৰাকৰ আশ্ৰয় শিবিৰৰ বিষয়ে সংবাদ মাধ্যমক জনালে মন্ত্ৰী হাজৰিকাই। দিলে ১৫ দিনৰ ভিতৰত ভগ্ন মথাউৰি মেৰামতিৰ প্ৰতিশ্ৰুতি।

ভৰ বাৰিষালৈ এতিয়াও বাকী। টিভিৰ পৰ্দাত দেখি থকা এই দৃশ্যাৱলীসমূহ যেন বাৰিষাৰ বাবেই সকীয়নি। সু পৰিকল্পিত পৰিকল্পনা আৰু বিভাগীয় হেমাহিৰ ফলত এনে আহুকাল ভোগাৰ অভিযোগ উঠিছে। লক্ষণীয় হ’ব চৰকাৰৰ বিয়াগোম বিভাগে অনাগত দিনৰ ভয়াৱহতা ৰোধিবলৈ ব্যৱস্থা ল’ব কি?

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰেঁষ্টুৰেণ্টৰ কৰ্মচাৰীৰ বিশ্ব শান্তিৰ চিন্তা এতিয়া ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ

বিশ্বজুৰি যুদ্ধ আৰু সংঘাতৰ পৰিৱেশৰ মাজতে বিশ্ব শান্তিৰ আহ্বানেৰে...

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেটত বোকাখাত চেম্পিয়ন

ছোৱালীৰ অনূৰ্ধ্ব-১৯ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাত চেম্পিয়ন হৈছে বোকাখাত। গুৱাহাটীৰ...

জে কে বৰুৱা ১৯ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট গ্ৰুপত গোৱালপাৰা চেম্পিয়ন

জে কে বৰুৱা ১৯ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটৰ প্লেট...

প্ৰাক্তন নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান, উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্বৰ জল্পনা

গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত আজি আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত...