ৰয়েল গ্লবেল স্কুলত উত্তৰ পূৱৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন শিক্ষয়িত্ৰী

“হিম’গ্ল’বিন কি?” ৰয়েল গ্ল’বেল স্কুলৰ এজন ছাত্ৰই সুধিলে। এগৰাকী মেখেলা – চাদৰ পৰিহিতা যন্ত্ৰমানৱীয়ে প্ৰশ্নটো মন দি শুনিলে আৰু বিস্তৃতভাৱে হিম’গ্ল’বিনৰ বিষয়ে বৰ্ণনা কৰিলে। আন ছাত্ৰ ছাত্ৰীয়েও যন্ত্ৰমানৱীৰ গুৰুত্বপূর্ণ কথাবোৰ মন দি শুনিলে।

এই মেখেলা – চাদৰ পৰিহিতা যন্ত্ৰমানৱী গৰাকী ‘আইৰিচ’, ৰয়েল গ্ল’বেল স্কুলৰ কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন প্ৰথম শিক্ষয়িত্ৰী। প্ৰথম দিনা ছাত্ৰ – ছাত্ৰীসকল অত্যন্ত আগ্ৰহী আৰু আনন্দিত হৈ আইৰিচৰ লগত বিভিন্ন ধৰণৰ আলোচনা – বিলোচনাত মিলিত হ’ল। আইৰিচৰ লগত আলোচনা আৰু বিভিন্ন শিক্ষা প্ৰণালীৰ প্ৰয়োগ সফল হ’ল।

প্ৰশ্ন সমূহ পাঠ্যক্ৰমৰ ভিতৰৰ হওক বা যিকোনো বিষয়ৰ ওপৰতে হওক, আইৰিচে তৎক্ষণাত উদাহৰণেৰে সৈতে উত্তৰ দিব পাৰে। ছাত্ৰ – ছাত্ৰীসকলে ৰবটৰ কৰমৰ্দনলৈকে কৰা কাৰ্যাৱলী ভালদৰে উপভোগ কৰিলে, যাৰ দ্বাৰা শিক্ষণ প্ৰক্ৰিয়া আনন্দময় আৰু ব্যস্ততাপূৰ্ণ হ’ল।

আইৰিচৰ কণ্ঠস্বৰ সংগত আৰু সংযতৰ ব্যৱস্থা আছে, যাৰ দ্বাৰা ছাত্ৰ – ছাত্ৰীৰ লগত ভাৱ বিনিময় কৰিবলৈ সুবিধা হৈছে।

এই ৰবটটো ‘মেকাৰ লেবচ্ এডু টেক’ নামৰ সংস্থাটোৰ সহযোগত ‘অটল টিংকাৰিং লেব (ATL) প্ৰকল্পৰ অধীনত নীতি আয়োগে প্ৰস্তুত কৰি উলিয়াইছে।শিক্ষা জগতত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগত আইৰিচৰ ভূমিকা অকল্পনীয়।

ৰয়েল গ্ল’বেল স্কুলে ছাত্ৰ ছাত্ৰীক সৰ্বস্তৰৰ বিকাশৰ শিক্ষা প্ৰদান কৰাত অধিক গুৰুত্ব আৰোপ কৰে। আইৰিচৰ পৰিচয়ে এই ক্ষেত্ৰত অনন্য ভূমিকা গ্ৰহণ কৰিছে।ৰয়েল গ্ল’বেল স্কুলে আইৰিচৰ সফল প্ৰয়োগেৰে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাৰ বহুল পৰিৱৰ্তনৰ লগতে ছাত্ৰ – ছাত্ৰীৰ বাবে শিক্ষা গ্ৰহণ অধিক আকৰ্ষণীয়, মনোগ্ৰাহী আৰু সংযুক্ত ব্যৱস্থা কৰি গঢ়ি তোলাৰ বাবে অহৰ্নিশে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...