৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোখন আসনত ভোটগ্ৰহণ

৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোখন আসনত ভোটগ্ৰহণ
ভোটকেন্দ্ৰত শাৰী পাতিছে ৰথী–মহাৰথীয়ে
ভোটদান কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰাক্তন ৰাষ্ট্ৰপতি কোবিন্দে
ভোটকেন্দ্ৰৰ ছেল্ফি ৰাহুল-ছোনিয়া গান্ধীৰ
ভোট দিবলৈ আহি ‘স্বৈৰতান্ত্ৰিক শাসক’ৰ বিৰুদ্ধে ভোটদানৰ আহ্বান AAPৰ

৬ষ্ঠ পৰ্যায়ৰ নিৰ্বাচনত দিল্লীৰ সাতোটা সমষ্টিতে অনুষ্ঠিত হ’ল ভোটগ্ৰহণ। প্ৰখৰ ৰ’দকো নেওচি ভোটকেন্দ্ৰত শাৰী পতিলেহি ভোটাৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী এচ জয়শংকৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ। বৈদেশিক মন্ত্ৰীজনে ভোটদান কৰি গ্ৰহণ কৰিলে ফাৰ্ষ্ট মে’ল ভোটাৰৰ প্ৰমাণপত্ৰ।

ভোট দিবলৈ আহি ছোনিয়া গান্ধী আৰু ৰাহুলে তুলিলে ছেল্ফি। ছোনিয়া, ৰাহুল, প্ৰিয়ংকা, ৰবাৰ্ট ভদ্ৰাই ভোটদান কৰি দেশবাসীকো ভোটদানৰ বাবে আহ্বান জনাই। পৰিবৰ্তৰ বাবে ভোট দিলে ৰবাৰ্ট–প্ৰিয়ংকাৰ পুত্ৰ–কন্যাই। ভোটকেন্দ্ৰৰ ষ্টেপত ব‍হি দানৰ আলেখ লেখ লক্ষ্য কৰিলে ৰাহুল আৰু প্ৰিয়ংকাৰ পুত্ৰ ৰাইহান ৰাজীৱ ভদ্ৰাই। দিল্লীত লোকসভা নিৰ্বাচনত ভোটদান কৰে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ।

দিল্লীৰ দুই বিজেপি প্ৰাৰ্থী মনোজ তিৱাৰী আৰু বনসুৰী স্বৰাজে ভোটদান কৰি মোদীৰ সপক্ষে দেশৰ জনতাই ভোটদান কৰা বুলি মন্তব্য কৰে। দিল্লীত ভোটদান কৰিলে সপত্নীক মুখ্যমন্ত্ৰী কেজৰিৱালে। ভোটদান কৰি কেজৰিৱালৰ দৰে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে সৰব হ’ল সঞ্জয় সিং, আতিশী, বৃন্দা কাৰাট। ভোটদান কৰিলে ৰাজ্যসভাৰ সাংসদ, কেজৰিৱালৰ ব্যক্তিগত সচিবৰ দ্বাৰা প্ৰহৃত বুলি দাবী কৰা স্বাতী মালিৱালে। বিজেপিৰ বিদায়ী সাংসদ গৌতম গম্ভীৰসহ আন বহু নেতা–নেত্ৰীয়ে দিল্লীত সাব্যস্ত কৰিলে ভোটদান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৮১ বছৰ বয়সত বুকাৰ বঁটা লাভ ব্ৰিটিছ লেখক এম জন হেৰিছনৰ, সাহিত্য জগতত গঢ়িলে নতুন অভিলেখ

৮১ বছৰ বয়সত বিশ্বসাহিত্যৰ অন্যতম সন্মানীয় বুকাৰ বঁটা লাভ...

কলিয়াবৰৰ বৰঘূলিত ভূমি বিবাদক কেন্দ্ৰ কৰি নিশা নিৰ্বিচাৰ গুলীচালনা, আহত ৯জন

কলিয়াবৰৰ ২নং বৰঘূলিত নিশা সংঘটিত হয় ভয়ংকৰ গুলীচালনাৰ ঘটনা।...