এভাৰেষ্টত সৰ্বাধিকবাৰ আৰোহণৰ নিজৰে অভিলেখ ভংগ কৰিলে কামি ৰিতা শ্বেৰ্পাই

এভাৰেষ্টৰ শীৰ্ষত এবাৰ আৰোহণেই যথেষ্ট কঠিন
এজন পৰ্বতাৰোহীয়ে এভাৰেষ্ট জয় কৰিলে ৩০ বাৰৰ বাবে
এভাৰেষ্টত সৰ্বাধিকবাৰ আৰোহণৰ নিজৰে অভিলেখ ভংগ কৰিলে কামি ৰিতা শ্বেৰ্পাই

বিশ্বৰ সৰ্বোচ্চ চূড়া মাউন্ট এভাৰেষ্টৰ শীৰ্ষত থিয় হোৱাৰ সপোন দেখে প্ৰতিগৰাকী পৰ্বতোৰোহীয়ে।১৯৫৩ চনৰ ২৯ মে’ৰ দূপৰীয়া ১২.৩০ বজাত এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই প্ৰথমবাৰৰ বাবে মানুহৰ পদস্পৰ্শ পেলাবলৈ সক্ষম হৈছিল এভাৰেষ্টৰ শীৰ্ষত। তাৰ পিছৰ পৰা সহস্ৰাধিক পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষ জয় কৰিছে যদিও এতিয়ালৈকে আকৰ্ষণ হ্ৰাস হোৱা নাই ৮,৮৫০ মিটাৰ ওখ মাউন্ট এভাৰেষ্টৰ।এভাৰেষ্টৰ বুকুত মানুহে সৃষ্টি কৰিছে অভিলেখৰ পিছত অভিলেখ।নেপালৰ পৰ্বতাৰোহণ ক্ষেত্ৰৰ অন্যতম গাইড কামি ৰিতা শ্বেৰ্পাই বুধবাৰে সৃষ্টি কৰিলে এক নতুন ইতিহাস।

বুধবাৰে পুৱা ৭.৪৯ বজাত এভাৰেষ্ট পুনৰ জয় কামি ৰিতা শ্বেৰ্পাৰ
১৯৯২ চনত মালবাহকৰূপে প্ৰথমবাৰলৈ এভাৰেষ্ট গৈছিল কামি ৰিতা
২৪ বছৰ বয়সত ১৯৯৪ৰ ১৩ মে’ৰ দিনা এভাৰেষ্টত ভৰি দিছিল তেওঁ
তাৰ পিছৰ পৰা প্ৰতিবছৰে এভাৰেষ্ট জয় কৰিছে কামি ৰিতা শ্বেৰ্পাই
২০০৯, ২০১০, ২০১৩, ২০১৯, ২০২৩, ২০২৪ত দুবাৰকৈ এভাৰেষ্ট জয়

চলিত বৰ্ষত ১১ দিনৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে এভাৰেষ্টত আৰোহণ কামি ৰিতা শ্বেৰ্পাৰ।১২ মে’ৰ দিনা ২৯ তম বাৰৰ বাবে এভাৰেষ্টৰ শীৰ্ষত বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছিল কামি ৰিতাই।

এভাৰেষ্ট আৰোহণৰ অভিলেখৰ ক্ষেত্ৰত কামি ৰিতাৰ প্ৰতিদ্বন্দী হৈছে পাছাং ডাৱা শ্বেৰ্পা
পাছাং ডাৱা শ্বেৰ্পাই যোৱা বছৰলৈ মুঠ ২৭ বাৰলৈ আৰোহণ কৰিছিল এভাৰেষ্টত

এভাৰেষ্টত আৰোহণৰ অনুমতিপত্ৰৰ বাবে বিদেশী পৰ্বতাৰোহীয়ে নেপাল চৰকাৰক দিব লাগে ১১ হাজাৰ ডলাৰৰ ৰয়েল্টী।ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ ৯ লাখ টকাৰ অধিক।অৱশ্যে নেপালৰ শ্বেৰ্পা গাইডসকলে এভাৰেষ্ট আৰোহণৰ ক্ষেত্ৰত দিবলগীয়া নহয় কোনো মূল্য।কামি ৰিতা শ্বেৰ্পা আৰু পাছাং ডাৱা শ্বেৰ্পাৰ এভাৰেষ্ট আৰোহণৰ ক্ষেত্ৰত এই প্ৰতিদ্বন্দিতাই হয়তো সৃষ্টি কৰিব আৰু বহু বিৰল অভিলেখ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...