এভাৰেষ্টত সৰ্বাধিকবাৰ আৰোহণৰ নিজৰে অভিলেখ ভংগ কৰিলে কামি ৰিতা শ্বেৰ্পাই

এভাৰেষ্টৰ শীৰ্ষত এবাৰ আৰোহণেই যথেষ্ট কঠিন
এজন পৰ্বতাৰোহীয়ে এভাৰেষ্ট জয় কৰিলে ৩০ বাৰৰ বাবে
এভাৰেষ্টত সৰ্বাধিকবাৰ আৰোহণৰ নিজৰে অভিলেখ ভংগ কৰিলে কামি ৰিতা শ্বেৰ্পাই

বিশ্বৰ সৰ্বোচ্চ চূড়া মাউন্ট এভাৰেষ্টৰ শীৰ্ষত থিয় হোৱাৰ সপোন দেখে প্ৰতিগৰাকী পৰ্বতোৰোহীয়ে।১৯৫৩ চনৰ ২৯ মে’ৰ দূপৰীয়া ১২.৩০ বজাত এডমাণ্ড হিলাৰী আৰু টেনজিং নৰ্গেই প্ৰথমবাৰৰ বাবে মানুহৰ পদস্পৰ্শ পেলাবলৈ সক্ষম হৈছিল এভাৰেষ্টৰ শীৰ্ষত। তাৰ পিছৰ পৰা সহস্ৰাধিক পৰ্বতাৰোহীয়ে এভাৰেষ্টৰ শীৰ্ষ জয় কৰিছে যদিও এতিয়ালৈকে আকৰ্ষণ হ্ৰাস হোৱা নাই ৮,৮৫০ মিটাৰ ওখ মাউন্ট এভাৰেষ্টৰ।এভাৰেষ্টৰ বুকুত মানুহে সৃষ্টি কৰিছে অভিলেখৰ পিছত অভিলেখ।নেপালৰ পৰ্বতাৰোহণ ক্ষেত্ৰৰ অন্যতম গাইড কামি ৰিতা শ্বেৰ্পাই বুধবাৰে সৃষ্টি কৰিলে এক নতুন ইতিহাস।

বুধবাৰে পুৱা ৭.৪৯ বজাত এভাৰেষ্ট পুনৰ জয় কামি ৰিতা শ্বেৰ্পাৰ
১৯৯২ চনত মালবাহকৰূপে প্ৰথমবাৰলৈ এভাৰেষ্ট গৈছিল কামি ৰিতা
২৪ বছৰ বয়সত ১৯৯৪ৰ ১৩ মে’ৰ দিনা এভাৰেষ্টত ভৰি দিছিল তেওঁ
তাৰ পিছৰ পৰা প্ৰতিবছৰে এভাৰেষ্ট জয় কৰিছে কামি ৰিতা শ্বেৰ্পাই
২০০৯, ২০১০, ২০১৩, ২০১৯, ২০২৩, ২০২৪ত দুবাৰকৈ এভাৰেষ্ট জয়

চলিত বৰ্ষত ১১ দিনৰ ভিতৰতে দ্বিতীয়বাৰৰ বাবে এভাৰেষ্টত আৰোহণ কামি ৰিতা শ্বেৰ্পাৰ।১২ মে’ৰ দিনা ২৯ তম বাৰৰ বাবে এভাৰেষ্টৰ শীৰ্ষত বিজয়ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছিল কামি ৰিতাই।

এভাৰেষ্ট আৰোহণৰ অভিলেখৰ ক্ষেত্ৰত কামি ৰিতাৰ প্ৰতিদ্বন্দী হৈছে পাছাং ডাৱা শ্বেৰ্পা
পাছাং ডাৱা শ্বেৰ্পাই যোৱা বছৰলৈ মুঠ ২৭ বাৰলৈ আৰোহণ কৰিছিল এভাৰেষ্টত

এভাৰেষ্টত আৰোহণৰ অনুমতিপত্ৰৰ বাবে বিদেশী পৰ্বতাৰোহীয়ে নেপাল চৰকাৰক দিব লাগে ১১ হাজাৰ ডলাৰৰ ৰয়েল্টী।ভাৰতীয় মুদ্ৰাৰ হিচাপত এই পৰিমাণ ৯ লাখ টকাৰ অধিক।অৱশ্যে নেপালৰ শ্বেৰ্পা গাইডসকলে এভাৰেষ্ট আৰোহণৰ ক্ষেত্ৰত দিবলগীয়া নহয় কোনো মূল্য।কামি ৰিতা শ্বেৰ্পা আৰু পাছাং ডাৱা শ্বেৰ্পাৰ এভাৰেষ্ট আৰোহণৰ ক্ষেত্ৰত এই প্ৰতিদ্বন্দিতাই হয়তো সৃষ্টি কৰিব আৰু বহু বিৰল অভিলেখ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিঙত অসমৰ বক্সাৰৰ প্ৰত্যাশিত আৰম্ভণি

বক্সিং ফেডাৰেছন অব ইণ্ডিয়া ৰ সহযোগিতাত অসম এমেচাৰ...

ডিব্ৰুগড় থানাৰ একেটা লকআপত ৰাজ্যৰ দুই চৰ্চিত মহিলা

ডিব্ৰুগড় সদৰ থানাৰ একেটা লক আপৰ আলহী হ’লগৈ দুটা...

সোণাপুৰক লৈ কোনে খেলিছে পাশাখেল?

ৰক্তাক্ত হৈ পৰিল সোণাপুৰৰ কচুতলী। বেদখলকাৰী আৰু আৰক্ষীৰ মাজত...

গুলী বাৰুদৰ শব্দই পুনৰ কঁপাইছে কাশ্মীৰ উপত্যকা

বাৰমুল্লাৰ পিছত পুঞ্চত সন্ত্ৰাসবাদীৰে সেনাৰ সংঘৰ্ষদেওবাৰে পুৱাৰে পৰা ধাৰাষাৰ...