দ্বিতীয় সন্তান হেৰুৱাই ৩ মাহে কঢ়িয়াইছে কংকাল

মা… যুগ–যুগান্তৰৰ আত্মিক এক শব্দ, সম্বন্ধ মা। মানুহৰ মাকৰ প্ৰতি থকা মৰম, সন্তানৰ মাকৰ প্ৰতি থকা মৰম দেখিছো। একে সময়তে দেখিছোঁ অবহেলা, অভিযোগ কাহিনীও। এই প্ৰতিবেদনত আমি দেখুৱাম অন্য এগৰাকী মমতাময়ী মাৰ কাহিনী।

মা…পৃথিৱীৰ হয়তো আটাইতকৈ মিঠা মাতটোৱেই মা।
পৃথিৱীৰ হয়তো আটাইতকৈ আৱেগিক কাহিনীয়েই মা।
পৃথিৱীৰ হয়তো আটাইতকৈ স্পৰ্শকাতৰ শব্দটোৱেই মা।

এই প্ৰতিবেদনত আমি এগৰাকী মাতৃৰ কথা ক’ম। হয়, আপুনি পৰ্দাত দেখি থকাগৰাকীয়েই এগৰাকী মমতাময়ী। নাম নাটালিয়া। প্ৰায় ৩ মাহজুৰি এই একে দৃশ্যই দেখি আহিছে সকলোৱে। কোলাত এইদৰে সন্তানক লৈ ফুৰে নাটালিয়াই। সন্তান মানে সন্তানৰ কংকাল। এই অসহনীয় দৃশ্য দেখি আহিছে স্পেইনৰ ভেলেন্সিয়া চহৰৰ বায়’পাৰ্ক চিৰিয়াখানালৈ যোৱা প্ৰতিজন দৰ্শনাৰ্থীয়ে।

একেবাৰে কমবয়সীয়া সন্তানক হেৰুৱাইছিল নাটালিয়াই। তেতিয়াৰে পৰা সন্তানক বুকুত সাবটি লৈ ফুৰিছে নাটালিয়াই। মানুহৰ দৰেই আচৰণ। সন্তানহাৰা মাতৃৰ কাষত সুৰক্ষাৰ বাবে ৰৈ আছে সতীৰ্থ। হেথে মাথে বহি আছে নাটালিয়া। মাজে মাজে শিল এচটাত বহিছে। মৃত কমৰেডক নিকটাত্মীয়ই মৰম যাচিছে। মাজে মাজে বহিছে গছৰ ফেৰেঙনিত। কাষ চাপি আহিছে সতীৰ্থ। হাত এখন আগুৱাই দিছে। সেই হাতকে সাবতি হয়তো নিজকে বুজাইছে।
বিগত তিনিমাহে বুকুৰ বেথা আৰু মৃত সন্তানক একেলগে কঢ়িয়াই ফুৰিছে নাটালিয়াই।
আনৰ সন্তানো আহিছে কাষ চাপি। চাইছে। তথাপি এৰি দিয়া নাই নিজ সন্তানৰ কংকাল।
চিৰিয়াখানাৰ কৰ্তৃপক্ষৰ এক তথ্য অনুসৰি, নাটালিয়াই ২০১৮ চনত হেৰুৱাইছিল প্ৰথম সন্তান।
এইবাৰ সেয়ে অধিক নিৰীক্ষণত ৰখা হৈছে নাটালিয়াক। এই দৃশ্যসমূহ যিয়ে দেখিছে হয়তো কোনোবাই বুজিছে, হয়তো কোনোবাই অনুভৱেই কৰিবই পৰা নাই। কিন্তু নাটালিয়াৰ কোনো ভ্ৰূক্ষেপ নাই। যেনিয়েই গৈছে কঢ়িয়াই ফুৰিছে মমতাৰ নিভাঁজ কাহিনী এটা। বহু কথা হয়তো কেমেৰাই ঢুকি পোৱা নাই। বহু কথা হয়তো আমি দেখুৱাব পৰা নাই। হয়তো নাটালিয়াই মানুহৰ দৰে কৰিব পৰা নাই অনুভূতিৰ বহিৰ্প্ৰকাশ। কিন্তু এই মুখখনে, এই চকুহালে, এই কোলাত লৈ ফুৰা উমখিনিয়ে কৈ যোৱা কাহিনীটো হয়তো কোনো কাহিনীকাৰেই লিখিব পৰা নাই।
ইয়াক মৰমেই বুলিব নে অস্বাভাৱিকতা। সকলোৰে উৰ্ধৰ কথাটো, নাটালিয়া এগৰাকী মা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ এৰিলে ৰোনাল্ডোৱে, ফুটবলৰ আইকনিক ৭ নম্বৰ জাৰ্চিৰ ভৱিষ্যৎ সংকটত?

পৰ্তুগালৰ ৰাষ্ট্ৰীয় দলৰ শিবিৰ হঠাতে এৰি যোৱাক কেন্দ্ৰ কৰি...

যন্তৰ-মন্তৰত ৩ মহিলা সাংবাদিকৰ আৰক্ষীৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নতুন দিল্লীৰ যন্তৰ-মন্তৰত শনিবাৰে অনুষ্ঠিত প্ৰতিবাদৰ সময়ত দিল্লী আৰক্ষীৰ...