অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীত ৰাজ্যিক ব’চিয়া চেম্পিয়নশ্বিপৰ সফল সামৰণি

গুৱাহাটী, ২০ মে’ : অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত যোৱা শনিবাৰে গুৱাহাটীত সফলতাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে ব’চিয়া ক্ৰীড়া হৈছে পেৰা এথলীটে খেলা এবিধ খেল৷ ইতিমধ্যে অসমৰ পেৰা খেলুৱৈয়ে ব’চিয়া ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ সেয়ে ৰাজ্যৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম পেৰালিম্পিক সন্থাই অন্য খেলৰ লগতে যোৱা বছৰৰ পৰা আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপো আয়োজন কৰিছে৷

যাদব চন্দ্ৰ ভূঞা স্মৃতি ন্যাসৰ অনুষ্ঠান ‘উদয়াচল’ৰ সহযোগিতাত অসম পেৰালিম্পিক সন্থাই আয়োজন কৰা ৰাজ্যিক প্ৰতিযোগিতাখন আদাবাৰীৰ শংকৰ নগৰত অৱস্থিত উদয়াচল ব’চিয়া প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়৷ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ প্ৰতিযোগিতাখনত মুঠ চাৰিটা বিভাগত খেল অনুষ্ঠিত হয়৷ আনহাতে, কামৰূপ মহানগৰ, যোৰহাট, শিৱসাগৰ, শোনিতপুৰ আদি জিলাৰ পেৰা খেলুৱৈয়ে উৎসাহেৰে প্ৰতিযোগিতাত অংশ লয়৷

সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক তথা ৰাজ্যৰ প্ৰাক্তন টেনিছ খেলুৱৈ ৰিণিকি ভূঞা শৰ্মা৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে অৱগত কৰা অনুসৰি প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী খেলুৱৈসকলক পদক মানপত্ৰও ৰিণিকি ভূঞা শৰ্মাই প্ৰদান কৰে৷

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি বি চি- ২ শাখাত ৰাহুল ৰবী দাসে সোণ, জগদিশ বসুমতাৰীয়ে ৰূপ আৰু অংকিতা দেৱনাথে ব্ৰঞ্জৰ পদক লাভ কৰে৷ ইফালে, বি চি- ৩ শাখাত সোণ অৰ্জন কৰে ৰিতা দাসে৷ আনহাতে, দিব্যজ্যোতি বৰঠাকুৰে ৰূপ আৰু ছিমৰপ্ৰীত সিঙে ব্ৰঞ্জ পায়৷ পাহী হাজৰিকাই বি চি- ৪ শাখাত সোণ লাভ কৰাৰ বিপৰীতে এই শাখাৰ ৰূপ আৰু ব্ৰঞ্জ অৰ্জন কৰে সন্ধ্যা ভূমিজ আৰু ভৰত চেত্ৰীয়ে৷ আনহাতে, বি চি- ৫ শাখাত হানিফ আলীয়ে সোণ লাভ কৰাৰ বিপৰীতে ৰূপ আৰু ব্ৰঞ্জ লাভ কৰে ৰূমকি দে আৰু ৰিণা মণ্ডলে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...