দিল্লী আৰক্ষীৰ জিম্মাত স্বাতীৰ ‘নিৰ্যাতনকাৰী’ কেজৰিৱালৰ ব্যক্তিগত সচিব

স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা উলিয়াই দিয়াৰ দৃশ্য ফাদিল
বিজেপিৰ ৰাজনৈতিক ‘ষড়যন্ত্ৰ’ৰ বিৰুদ্ধে সৰৱ আপ
আপৰ অভিযোগ নসাৎ কৰিলে জেপি নাড্ডাই

ৰাজ্যসভাৰ সাংসদ দিল্লী মহিলা আয়োগৰ প্ৰাক্তন অধ্যক্ষা স্বাতী মালিৱালক প্ৰহাৰ কৰা মুখ্যমন্ত্ৰী কেজৰিৱালৰ ব্যক্তিগত সচিব বিভৱ কুমাৰক জিম্মাত লৈছে দিল্লী আৰক্ষীয়ে। বিভৱ কুমাৰক দিল্লী আৰক্ষীয়ে জেৰা চলাই থকাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী কেজৰিৱালৰ বাসগৃহটো গৈ উপস্থিত হৈছে আৰক্ষী। স্বাতী মালিৱালক লগত লৈ কেজৰিৱালৰ বাসগৃহত উপস্থিত হয় আৰক্ষীৰ দল। কিন্তু হঠাৎ আপে স্বাতী মালিৱালক বিজেপিৰ এজেণ্ট সজাই সমগ্ৰ ঘটনাক নাটক আখ্যা দিছে। ১৩ মে’ত সংঘটিত হোৱা ঘটনাক লৈ আপে স্থিতি সলনি কৰিছে। সাংসদ সঞ্জয় সিঙে স্বাতী মালিৱালক আক্ৰমণ কৰা বিভৱ কুমাৰৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ কথা কৈছিল।

কিন্তু শেহতীয়াকৈ আপে স্থিতি সলনি কৰিছে। স্বাতী মালিৱালক বিজেপিৰ এজেণ্ট আৰু স্বাতীৰ বিৰুদ্ধে থকা অভিযোগক লৈয়ে বিজেপিয়ে স্বাতীক ব্যৱহাৰ কৰাৰ অভিযোগ কৰিছে আপে। এনে অভিযোগ–প্ৰতিঅভিযোগৰ পিছত বিভ্ৰান্ত হৈছে সাধাৰণ লোক। আপৰ অভিযোগ নসাৎ কৰিলে জেপি নাড্ডাই।

প্ৰশ্ন উঠিছে – কোন সঁচা, কোন মিছা?
স্বাতীৰ অভিযোগ সঁচা নে আপে দেখুওৱা ভিডিঅ’ই সঁচা?

ইয়াৰ মাজতে কেজৰিৱালৰ বাসগৃহৰ পৰা স্বাতী মালিৱালক নিৰাপত্তাৰক্ষীয়ে বলপূৰ্বকভাবে উলিয়াই দিয়াৰ দৃশ্য প্ৰকাশ পাইছে। মুঠতে স্বাতী মালিৱাল কাণ্ডক লৈ উত্তাল হৈছে দিল্লীৰ ৰাজনীতি। আপৰ অভিযোগ এয়া বিজেপিৰ ষড়যন্ত্ৰ। অৰবিন্দ কেজৰিৱাল কাৰাগাৰৰ পৰা ওলোৱাৰ পিছৰে পৰা বিজেপিয়ে দিকবিদিক হেৰুৱাই কেজিৰাৱালক বদনাম কৰিবলৈ নাটক ৰচনা কৰাৰ অভিযোগ আপৰ। ইয়াৰ মাজতে দিল্লী আৰক্ষীয়ে চলাই আছে তদন্ত। ১৩ মে’ত স্বাতী মালিৱালে আক্ৰমণ কৰাৰ ঘটনা প্ৰকাশ পোৱাৰ পিছৰে পৰা চলি আছে অভিযোগ– প্ৰতিঅভিযোগ। শুকুৰবাৰে পাঞ্জাবত আটক কৰা হৈছে অভিযুক্ত বিভৱ কুমাৰক। শনিবাৰে বিভৱক দিল্লী আৰক্ষীয়ে জিম্মাত লৈছে। এই ঘটনা ক্ৰমে এতিয়া কি ৰূপ লয় সেয়াহে লক্ষণীয় হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘এইবাৰ মই টাৰ্গেট নেকি?’ জুবিন গাৰ্গৰ বন্ধু তথা সংগীতজ্ঞ পাৰ্থপ্ৰতিম গোস্বামীৰ বিস্ফোৰক পোষ্ট

জুবিন গাৰ্গৰ ন্যায় বিচাৰি মাত মাতি অহা বন্ধু পাৰ্থপ্ৰতিম...

প্ৰেম, সন্দেহ, হ/ত্যা…প্ৰেমৰ নামত আৰু কিমানে হেৰুৱাব লাগিব জীৱন?

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৰিয়া হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নোযাওঁতেই ৰাজ্যত...

চীন-ভাৰতৰ সীমা সমস্যা হ’বনে সমাধান? BRICS ত কি কি ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ মোদী-ছি জিনপিং?

ৰাছিয়াৰ কাজানত অনুষ্ঠিত বৈঠকৰ দুবছৰৰ পাছত শনিবাৰে নতুন দিল্লীত...

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...